হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত কম দামৰ মিঠাতেল কিনিবলৈ ভিৰ
দেৱালী আহিবলৈ মাজত মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত আজি পুৱাৰে পৰাই মিঠাতেল কিনিবলৈ অহা মানুহৰ দীঘলীয়া শাৰী দেখা গৈছে।
প্ৰতিবছৰে দেৱালীৰ আগতে মন্দিৰত এনেদৰে সস্তা দামত মিঠাতেল দিয়া হয়। ভক্তই বছৰটোত মন্দিৰলৈ আগবঢ়োৱা মিঠাতেলখিনি ৰাহি হৈ থাকে। সেই ৰাহি হোৱা তেলখিনিকে দেৱালীৰ সময়ত ৰাইজক কম দামত দিয়া হয়।

এইবাৰো মন্দিৰ পৰিচালনা সমিতিয়ে একে ব্যৱস্থা কৰিছে। এইবেলি প্ৰতি লিটাৰত ১০০ টকাকৈ লোৱা হৈছে। মুঠতে প্ৰায় ৩০০০ লিটাৰ মিঠাতেল ৰাইজৰ মাজত জোখমতে ভাগ কৰি দিয়া হ’ব বুলি সমিতিয়ে জনাইছে।
মন্দিৰৰ বাকৰিত আজি বিভিন্ন ঠাইৰ পৰা অহা ৰাইজে শাৰী পাতি তেল সংগ্ৰহ কৰে। দেৱালীৰ বাবে চাকি জ্বলাবলৈ সস্তাত তেল পাই সকলোৱে ভাল পাইছে।