Your Mic Your Voice

উপসাগৰত নাবিকৰ মৃত্যু, ইৰানে ক’লে টেংকাৰত জুই লাগিছে

0

পাৰস্য উপসাগৰত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। গ্ৰীক মালিকানাধীন এখন তেলৰ টেংকাৰত সন্দেহজনক ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন নাবিকৰ মৃত্যু হৈছে।

মাৰ্শ্বাল দ্বীপপুঞ্জৰ পতাকাবাহী টেংকাৰ ‘ভেলছ চেফায়াৰ’ খালী অৱস্থাত বাহৰেইনলৈ গৈ থকাৰ সময়ত বৃহস্পতিবাৰে এই আক্ৰমণ সংঘটিত হয়। জাহাজৰ মালিক কোম্পানী ভেলছ টেংকাৰ্ছে জনাইছে যে অচিনাক্ত প্ৰজেক্টাইল জাহাজখনত খুন্দা মৰাৰ ফলত বিস্ফোৰণ ঘটে আৰু জুই লাগে। প্ৰথমতে সন্ধানহীন হৈ থকা নাবিকজনক পিছত জাহাজতে মৃত অৱস্থাত পোৱা যায়। আন নাবিকসকল সুৰক্ষিত আছে।

আনফালে, ইৰাণে দাবী কৰিছে যে হৰমুজ প্ৰণালীত মাইনত খুন্দা মাৰি কেইবাখনো টেংকাৰত জুই লাগিছে। বৃহস্পতিবাৰে ইৰাণী সংবাদ মাধ্যমে ৫খন তেলৰ টেংকাৰ আৰু এখন টাগবোটত জুই লগা বুলি প্ৰকাশ কৰিছিল।

unimex

শুক্ৰবাৰে ইৰাণৰ ৰিভলিউশ্যনেৰী গাৰ্ডছে পুনৰ কয় যে হৰমুজ প্ৰণালীত আৰু ২খন টেংকাৰত জুই লাগিছে। তেওঁলোকৰ দাবী অনুসৰি, এই টেংকাৰ দুখনে অননুমোদিত পথেৰে যাবলৈ চেষ্টা কৰোঁতে মাইনত খুন্দা মাৰে।

ব্ৰিটিছ সামুদ্ৰিক সংস্থা UKMTO য়েও প্ৰণালী পাৰ হৈ যোৱা এখন টেংকাৰত বিস্ফোৰণৰ খবৰ নিশ্চিত কৰিছে।

ফেব্ৰুৱাৰী ২৮ত মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰ পৰা এই অঞ্চলত উত্তেজনা অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »