উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ! তিৰুপতি ঘী ভেজাল গোচৰ অন্ধ্ৰ প্ৰদেশৰ পৰা স্থানান্তৰ নহয়
তিৰুপতি লাড্ডুৰ ঘী ভেজাল গোচৰক লৈ বৃহস্পতিবাৰে ডাঙৰ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ বিচাৰ অন্ধ্ৰ প্ৰদেশৰ পৰা আন ৰাজ্যলৈ স্থানান্তৰ কৰাৰ আবেদন খাৰিজ কৰি দিলে শীৰ্ষ আদালতে। অৰ্থাৎ, এই বহু চৰ্চিত গোচৰৰ বিচাৰ অন্ধ্ৰ প্ৰদেশতেই চলিব।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীক লৈ গঠিত বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।
এই আবেদন দাখিল কৰিছিল মহাৰাষ্ট্ৰৰ দুগ্ধ ব্যৱসায়ী তথা এই গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত মাচিন্দ্ৰ শান্তাৰাম লাংকে আৰু তেওঁৰ প্ৰতিষ্ঠান মালগংগা মিল্ক এণ্ড এগ্ৰ’ প্ৰডাক্টছে। তেওঁলোকৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ ডেভে যুক্তি দি কয় যে, অন্ধ্ৰ প্ৰদেশত এই গোচৰক লৈ ৰাজনৈতিকভাৱে অত্যন্ত উত্তপ্ত পৰিৱেশ বিৰাজ কৰিছে। ৰাজনৈতিক নেতাসকলৰ মন্তব্যৰ বাবে ন্যায়সংগত বিচাৰ পোৱাটো কঠিন হ’ব। সেয়েহে বিচাৰ আন কোনো চুবুৰীয়া ৰাজ্যলৈ স্থানান্তৰ কৰিব লাগে, য’ত এই বিষয়টো ইমান আবেগিক নহয়।
কিন্তু বিচাৰপীঠে এই যুক্তি গ্ৰহণ নকৰিলে। বিচাৰপীঠে কয়, এই গোচৰৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত বিশেষ তদন্তকাৰী দল (SIT) য়েহে কৰিছে। এই তদন্ত CBI ৰ তত্ত্বাৱধানত হৈছে। ৰাজ্যৰ ৰাজনৈতিক মন্তব্যই CBI ৰ তদন্তত প্ৰভাৱ পেলাব নোৱাৰে।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কয়, “আমি আমাৰ নিৰ্দেশেৰে সকলোকে নীৰৱ কৰি দিছো। যদি কিবা হয়, তেন্তে আপুনি আমাৰ ওচৰলৈ আহিব পাৰে।”

আনহাতে ন্যায়াধীশ বাগচীয়ে কয়, তদন্ত কেন্দ্ৰীয় সংস্থাৰ হাতত আছে, যি ৰাজ্যৰ ৰাজনৈতিক মন্তব্যত বিচলিত নহয়।
লগতে আদালতে কয়, এই গোচৰৰ বেছিভাগ সাক্ষী আৰু প্ৰমাণ অন্ধ্ৰ প্ৰদেশৰে। সেয়েহে এই পৰ্যায়ত গোচৰ স্থানান্তৰ কৰাৰ কোনো ভিত্তি নাই।
উল্লেখ্য, এই গোচৰত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) ক প্ৰায় ৬৮ লাখ কেজি নকল আৰু কৃত্ৰিম ঘী যোগান ধৰাৰ অভিযোগ উঠিছে। CBI আৰু ED ৰ তদন্তত প্ৰায় ২৫০ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে বুলি দাবী কৰা হৈছে।
২০২৪ চনৰ ছেপ্টেম্বৰত অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ চৰকাৰৰ দিনত লাড্ডুত জীৱ-জন্তুৰ চৰ্বি ব্যৱহাৰ হোৱাৰ অভিযোগ কৰাৰ পিছৰে পৰা এই বিতৰ্কই দেশজুৰি তোলপাৰ লগাইছিল। পিছত উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ৪ অক্টোবৰত স্বতন্ত্ৰ SIT গঠন কৰি তদন্তৰ দায়িত্ব দিছিল।
এতিয়া উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত অন্ধ্ৰ প্ৰদেশতেই এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব।