পশ্চিম এছিয়া সংঘাতক লৈ চীনৰ বৈদেশিক মন্ত্ৰীৰ আহ্বান, অস্ত্ৰ নহয় সংলাপহে সমাধানৰ পথ
পশ্চিম এছিয়াৰ চলি থকা সংঘাতক লৈ চীনে সংলাপৰ ওপৰত গুৰুত্ব দিছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে সকলো পক্ষই অস্ত্ৰৰ পথ এৰি ৰাজনৈতিক সমাধানৰ ওপৰত গুৰুত্ব দিব লাগে।
সোমবাৰে ২ নৱেম্বৰত বেইজিঙত ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপ-সচিব আলী বাঘেৰী কানীৰ সৈতে বৈঠকত এই মন্তব্য কৰে ৱাং য়িয়ে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুৱাৰ মতে, ৱাং য়িয়ে কয়, “সংলাপ আৰু আলোচনাই পশ্চিম এছিয়াৰ সংঘাত সমাধানৰ একমাত্ৰ পথ।”

ইৰাণৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত চীনে সমৰ্থন কৰে বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে একে দিনাই চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ওমানৰ চুলতান হাইথাম বিন তাৰিক আল-ছাইদক কয় যে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চল বৃহৎ শক্তিৰ প্ৰতিদ্বন্দ্বিতাৰ যুদ্ধক্ষেত্ৰ হ’ব নালাগে।
চীনে এই অঞ্চলত নিজৰ কূটনৈতিক ভূমিকা বৃদ্ধিৰ চেষ্টা চলাইছে। চীনৰ পশ্চিম এছিয়া বিষয়ক বিশেষ দূতজনে এই মাহতে ইৰাণ, ওমান আৰু চৌদি আৰব ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়া হৈছে।