Your Mic Your Voice

কৃষি বিভাগৰ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

0

সোমবাৰে অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই খানাপাৰাস্থিত কৃষি ভৱনত উপস্থিত হৈ কৃষি সঞ্চালকালয় পৰিদৰ্শন কৰে। ইয়াৰ পিছত তেওঁ বিভাগীয় আয়ুক্ত আৰু উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয়। সভাত কৃষি বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি আৰু অভিযানৰ অগ্ৰগতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

এই পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে মাখানা মিছন, তৈল খেজুৰ (অইল পাম) মিছন, মাহজাতীয় শস্যৰ মিছন আদিৰ কাম-কাজৰ খতিয়ান লয়। লগতে বৰাক উপত্যকাৰ বাবে প্ৰস্তাৱিত ৰাজমাহ মিছনক লৈও আলোচনা হয়। আঁচনিসমূহ সময়মতে সম্পূৰ্ণ কৰা, কামত স্বচ্ছতা আৰু দায়বদ্ধতা ৰখাৰ লগতে গাঁও পৰ্যায়ত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলাৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মন্ত্ৰী হাজৰীকাই কয়, ধান খেতিৰ ওপৰতে নিৰ্ভৰ নকৰি শস্যৰ বৈচিত্ৰ্যকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। অসমত মাখানা, অগৰু, তৈল খেজুৰ, নাৰিকল, ড্ৰেগন ফ্ৰুটৰ দৰে বহু মূল্যবান উদ্যান শস্যৰ খেতিৰ বিপুল সম্ভাৱনা আছে। প্ৰতিখন জিলাৰে নিজা বিশেষত্ব অনুসৰি সম্ভাৱনা বিচাৰি উলিয়াই অসমক উদ্যান শস্যৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাটোৱেই আমাৰ লক্ষ্য। ইয়াৰ উপৰিও ৰাজ্যত থকা কৃষক উৎপাদক কোম্পানী (FPC)ৰ সংখ্যা দুগুণ কৰাৰ বাবে কাম কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

unimex

পিছত মন্ত্ৰীগৰাকীয়ে কৃষি ভৱনতে পেপছিকো কোম্পানীৰ প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত আৰু জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল। অসমৰ আলু খেতিয়কসকলৰ সৈতে পেপছিকোৰ বৰ্তমানৰ সহযোগিতা আৰু অধিক দৃঢ় কৰাৰ লগতে ৰাজ্যৰ অধিক কৃষকক এই আঁচনিৰ অধীনলৈ অনাৰ বিষয়ে আলোচনা কৰা হয়।

জানিব পৰা মতে, নলবাৰীত পেপছিকোৰ উৎপাদন কেন্দ্ৰ আছে আৰু বৰ্তমান ৰাজ্যৰ প্ৰায় ১,২০০ গৰাকী কৃষকে আলু খেতিৰ জৰিয়তে কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। কোম্পানীটোৰ আলুৰ যথেষ্ট চাহিদা থকাৰ বাবে এই অংশীদাৰিত্বৰ ফলত কৃষকসকলে ভাল বজাৰ আৰু অধিক উপাৰ্জনৰ সুবিধা পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

শেষত তেওঁ কয় যে কৃষকৰ কল্যাণ আৰু সমৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কৃষিৰ সৰ্বাংগীণ উন্নয়ন, শস্যৰ বৈচিত্ৰ্যকৰণ আৰু উদ্যোগ আৰু কৃষকৰ মাজৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি যাব।

Leave A Reply

Your email address will not be published.

Translate »