PETA ৰ আবেদন: পশুৰ ওপৰত অত্যাচাৰৰ খচৰা নিয়মৰ বিৰুদ্ধে চেলিব্ৰিটি, ৰাজনীতিবিদ, বিজ্ঞানীৰ প্ৰতিবাদ
কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা Prevention of Cruelty to Animals (Lab Animals) Rules, 2026ৰ খচৰাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈছে। PETA India ৰ তথ্য অনুসৰি ১৮,০০০ ৰো অধিক লোকে এই খচৰা প্ৰত্যাহাৰৰ বাবে আবেদনত চহী কৰিছে।
কোনে সমৰ্থন কৰিছে?
PETA ৰ আবেদনত চহী কৰিছে – জন আব্ৰাহাম, টাবু, হেমা মালিনী, ৰবীনা টেণ্ডন, শিল্পা শেট্টী, জেকলিন ফাৰ্ণাণ্ডেজ, দিয়া মিৰ্জা, KL ৰাহুল, সাংসদ হেমা মালিনী, সুলতা দেও, মহম্মদ জাৱেদ আৰু প্ৰাক্তন মন্ত্ৰী ৰেণুকা চৌধুৰীকে ধৰি বহুজনে। লগতে ১০০+ বিজ্ঞানী, ১০০+ পশু চিকিৎসক আৰু ৬০ টাতকৈ অধিক পশু সুৰক্ষা সংস্থাই সমৰ্থন জনাইছে।

কিয় বিৰোধ?
১৯৯৮ চনৰ নিয়মৰ ঠাইত অহা এই নতুন খচৰাই প্ৰতিষ্ঠানৰ নিজা Ethics Committee ক কুকুৰ, গাহৰি, ঘোঁৰাৰ ওপৰত Mild/Moderate পৰীক্ষাৰ অনুমতি নিজেই দিয়াৰ অধিকাৰ দিব বিচাৰিছে, কেন্দ্ৰীয় CCSEA ৰ পৰা অনুমতি নোলোৱাকৈ। PETA ৰ অভিযোগ – ইয়াৰ ফলত নিৰীক্ষণ দুৰ্বল হ’ব আৰু anesthesia, euthanasia ৰ সুৰক্ষা কমি যাব।
চৰকাৰে ৫ নৱেম্বৰলৈকে আপত্তি আৰু পৰামৰ্শ বিচাৰিছে।