Your Mic Your Voice

শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত আটাছুৰ অভিযান

0

শিৱসাগৰৰ প্ৰাণকেন্দ্ৰত থকা ঐতিহাসিক যমুনা বেদখলমুক্ত কৰাৰ দাবীত সৰৱ হৈছে সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু)। প্ৰায় ৩০০ বছৰ পুৰণি শিৱসাগৰৰ বৰপুখুৰী, শিৱদ’ল, দেৱীদ’ল আৰু বিষ্ণুদ’লৰ জীৱনৰেখা হিচাপে পৰিচিত যমুনা। এই পুখুৰী আৰু দ’লকেইটাৰ পৰিৱেশ তন্ত্ৰৰ সৈতে যমুনাৰ নিবিড় সম্পৰ্ক আছে। কিন্তু ব্যাপক বেদখলৰ ফলত এতিয়া এই ঐতিহাসিক সম্পদৰ অস্তিত্ব সংকটত পৰিছে।

অভিযোগ অনুসৰি জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই আজিকোপতি যমুনা বেদখলমুক্ত হোৱা নাই। এই পৰিপ্ৰেক্ষিতত আটাছুৰ সভাপতি বসন্ত গগৈৰ নেতৃত্বত সংগঠনটোৱে ২০০৪ চনত নিৰ্ধাৰণ কৰি থোৱা সীমা অনুসৰি যমুনা বেদখলমুক্ত কৰাৰ অভিযান হাতত লৈছে।

unimex

উল্লেখযোগ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ উদ্যোগত আৰু জলসম্পদ বিভাগৰ পৃষ্ঠপোষকতাত ৯.২৭ কোটি টকা ব্যয় সাপেক্ষে যমুনাৰ সৌন্দৰ্যবৰ্ধনৰ আঁচনি হাতত লোৱা হৈছে। কিন্তু আঁচনি ৰূপায়ণৰ পূৰ্বে যমুনাৰ সীমা নিশ্চিত কৰা হোৱা নাই। সেয়ে ২০০৪ চনৰ সীমাৰ ভিত্তিত যমুনাক সুৰক্ষিত কৰাৰ দাবী জনাইছে আটাছুৱে।

আনহাতে যমুনাৰ এক বৃহৎ অংশ দখল কৰি ৰখাৰ অভিযোগ উঠিছে তাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ লগতে একাংশ ব্যক্তিৰ বিৰুদ্ধে। এই সকলো বেদখল শীঘ্ৰে উচ্ছেদ কৰাৰ দাবী তুলিছে সচেতন ৰাইজে আৰু আটাছুৱে।

Leave A Reply

Your email address will not be published.

Translate »