লাভলীনাৰ বক্সিং একাডেমীৰ বাবে কেবিনেটৰ সেউজ সংকেত
শুকুৰবাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। বৈঠকত ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। পাছত সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ৰাজ্যৰ গৌৰৱ তথা অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ নামত এটা অত্যাধুনিক বক্সিং একাডেমী গঢ়ি তোলা হ’ব। ৰাজ্যৰ নৱপ্ৰজন্মৰ বক্সাৰসকলক আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ দিয়াই ইয়াৰ মূল লক্ষ্য।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰা সম্পূৰ্ণ হোৱা উপলক্ষে কেবিনেটে বিশেষ আলোচনা কৰে। দেশ তথা অসমৰ বিকাশত প্ৰধানমন্ত্ৰীৰ অৱদানক কেবিনেটে ভূয়সী প্ৰশংসা কৰে।
কেবিনেটৰ আন এক ডাঙৰ সিদ্ধান্ত অনুসৰি পলাশবাৰীৰ হুদুমপুৰত লাভলীনাৰ বক্সিং একাডেমীৰ বাবে ৩ বিঘা মাটি আবণ্টন দিয়া হ’ব। এই মাটিৰ প্ৰিমিয়াম প্ৰতিবিঘাত মাত্ৰ ১ টকালৈ হ্ৰাস কৰা হৈছে, অৰ্থাৎ মুঠ ৩ টকাত লাভলীনাই লাভ কৰিব এই ভূমি। ই অসমৰ ক্ৰীড়া আন্তঃগাঁথনিত এক নতুন অধ্যায়ৰ সূচনা কৰিব।