Your Mic Your Voice

সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত ভিত্তি কৰি জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে লোৱা নহ’ব ব্যৱস্থাঃ উচ্চতম ন্যায়ালয়

0

আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল সংবাদ মাধ্যমৰ বাতৰিৰ ওপৰত ভিত্তি কৰি এতিয়াই কোনো অন্তৱৰ্তীকালীন আদেশ বা স্থগিতাদেশ দিব নোৱাৰি।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মহনাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। আবেদনকাৰী ৰাকেশ কুমাৰ সিঙে দাখিল কৰা আবেদনত অভিযোগ কৰা হৈছিল যে জ্ঞানেশ কুমাৰে আন দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক আওকাণ কৰি একপক্ষীয়ভাৱে SIR সন্দৰ্ভত সিদ্ধান্ত লৈছে। বিগত ১০ মাহত ১৪ বাৰকৈ আপত্তি দৰ্শোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

unimex

ইয়াৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে কয় – “বাতৰি ১০০% শুদ্ধ হ’ব পাৰে, আংশিক শুদ্ধ হ’ব পাৰে বা ভুলো হ’ব পাৰে। ইয়াৰ ওপৰত ভিত্তি কৰি আজিয়েই আদেশ দিব নোৱাৰি।” লগতে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ আৰু তিনিওগৰাকী আয়ুক্তলৈ জাননী জাৰি কৰিছে আৰু এটা সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে।

ন্যায়ালয়ে লগতে কয় যে যদি নিৰ্বাচন আয়োগৰ কোনো সিদ্ধান্ত আইন অনুসৰি হোৱা নাই বুলি প্ৰমাণিত হয়, তেন্তে ন্যায়ালয়ে সেই সিদ্ধান্তসমূহ বাতিল কৰিব।

Leave A Reply

Your email address will not be published.

Translate »