Your Mic Your Voice

এছিয়ান গেমছ: জন্মদিনত ইতিহাস ৰচিলে লাভলীনা বৰগোঁহাইয়ে

0

অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাইয়ে আজি নিজৰ জন্মদিনতে ইতিহাস ৰচিলে।

আজি ২ অক্টোবৰ ২০২৬, নিজৰ ২৯ সংখ্যক জন্মদিনৰ দিনাই জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত ২০ সংখ্যক এছিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি বক্সিঙত সোণৰ পদক জয় কৰে।

ফাইনেলত তেওঁ চীনৰ বাও জিয়িক ৫-০ ব্যৱধানত পৰাস্ত কৰে। নিচিঅ’ জিমনেচিয়ামত অনুষ্ঠিত ফাইনেলত প্ৰথম ৰাউণ্ড ৩-২ ত জিকাৰ পিছত পৰৱৰ্তী দুটা ৰাউণ্ড ৪-১, ৪-১ ত দখল কৰি সোণ নিশ্চিত কৰে।

এই জয়ৰ সৈতে লাভলীনা এছিয়ান গেমছত সোণ জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় মহিলা বক্সাৰ হ’ল। ইয়াৰ পূৰ্বে এই কৃতিত্ব কেৱল কিংবদন্তী এম চি মেৰী কমে ২০১৪ চনত অৰ্জন কৰিছিল। লগতে ২০২২ হাংঝৌ এছিয়ান গেমছৰ ৰূপৰ পদকক সোণলৈ উন্নীত কৰিলে।

unimex

কোৱাৰ্টাৰ ফাইনেল: দক্ষিণ কোৰিয়াৰ ছিয়ং চুয়নক ৫-০ ত পৰাস্ত
ছেমি ফাইনেল: কাজাখাস্তানৰ বিশ্ব চেম্পিয়ন নাটালিয়া বগদানোভাক ৩-২ ত পৰাস্ত
ফাইনেল: চীনৰ বাও জিয়িক ৫-০ ত পৰাস্ত

এইটো এছিয়ান গেমছ ২০২৬ ত ভাৰতৰ ১২ সংখ্যক সোণৰ পদক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাই কয় – “আমাৰ সোণালী ছোৱালীয়ে জন্মদিনত দেশক সৰ্বশ্ৰেষ্ঠ উপহাৰ দিলে।”

অসম তথা সমগ্ৰ ভাৰতবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত!

Leave A Reply

Your email address will not be published.

Translate »