Your Mic Your Voice

গুৱাহাটীত আটকাধীন CJPৰ নেতা-কৰ্মী মুকলি, উত্তৰ-পূৰ্বাঞ্চলত সংগঠন সম্প্ৰসাৰণৰ ঘোষণা

0

গুৱাহাটী: গুৱাহাটীত ককৰচ জনতা পাৰ্টী (CJP)-ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সহ-আহ্বায়ক আশুতোষ ৰাংকাসহ ৪০ৰো অধিক নেতা-কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ পিছত দেওবাৰে নিশা মুকলি কৰি দিয়ে। CJPৰ প্ৰথমখন আঞ্চলিক স্বেচ্ছাসেৱক সভা অনুষ্ঠিত কৰাৰ পূৰ্বে দলটোৰ ৰাষ্ট্ৰীয় নেতা আৰু স্থানীয় স্বেচ্ছাসেৱকসকলক আটক কৰা হৈছিল।

দলটোৰ দাবী অনুসৰি, আশুতোষ ৰাংকা, অংকিত ভৰদ্বাজ, আনম, আকাশ প্ৰেমসহ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আৰু স্থানীয় সদস্যক ধৰি মুঠ ৪৭গৰাকী সদস্যক আটক কৰা হৈছিল। আটকাধীনসকলক দশম অসম আৰক্ষী বাহিনীৰ কেম্পাছত ৰখা হৈছিল বুলি দলটোৱে জানিবলৈ দিয়ে। তেওঁলোকক মুকলি কৰাৰ দাবীত আৰক্ষীৰ কেম্পাছত দলটোৰ সমৰ্থকসকলে প্ৰতিবাদ কৰাৰ লগতে কিছু সময়ৰ বাবে অনশন কাৰ্যসূচীও গ্ৰহণ কৰে। ইয়াৰ পিছতে নিশা আটকাধীনসকলক মুকলি কৰি দিয়া হয়।

CJPৰ অভিযোগ অনুসৰি, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দলটোৰ বৈঠকৰ বাবে বুক কৰা এখন বিবাহ ভৱনৰ বুকিং পৰৱৰ্তী সময়ত বাতিল কৰা হৈছিল।

unimex

দলটোৱে কয় যে তেওঁলোকৰ উদ্দেশ্য আছিল অসমত সংগঠন শক্তিশালী কৰা, স্থানীয় স্বেচ্ছাসেৱকসকলৰ সৈতে মত-বিনিময় কৰা আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা তথা বানপানীৰ সমস্যাৰ বিষয়ে জনসাধাৰণৰ সৈতে আলোচনা কৰা। CJPৰ নেতাসকলে আৰক্ষীৰ পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁলোকৰ অভিযান বন্ধ নহয় বুলি স্পষ্ট কৰে।

মুকলি হোৱাৰ পিছত আশুতোষ ৰাংকা আৰু দলটোৰ আন নেতাসকলে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত CJPৰ সংগঠন অধিক সম্প্ৰসাৰণ কৰাৰ কথা ঘোষণা কৰে। দলটোৱে শিক্ষা, বানপানী আৰু নিৰ্বাচনী ব্যৱস্থাৰ বিভিন্ন বিষয় লৈ জনসাধাৰণৰ মাজলৈ যোৱাৰ পৰিকল্পনাও অব্যাহত ৰখাৰ কথা কয়।

Leave A Reply

Your email address will not be published.

Translate »