Your Mic Your Voice

বিশ্বনাথত দোকানৰ সন্মুখত বেগ-বস্তা লৈ কান্দি থাকিল অসহায় মাতৃ

0

বিশ্বনাথ: মাতৃৰ বিৰুদ্ধে নিজ পুত্ৰই কৰা নিৰ্যাতনৰ এক কৰুণ অভিযোগক কেন্দ্ৰ কৰি বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি, নিজ হাতেৰে নিৰ্মাণ কৰা ঘৰৰ পৰাই পুত্ৰই এগৰাকী মাতৃক ওলাই যাবলৈ বাধ্য কৰোৱাত দোকানৰ সন্মুখত বেগ-বস্তা লৈ অসহায় অৱস্থাত বহি থাকিবলগীয়া হয় মহিলাগৰাকীয়ে।

মহিলাগৰাকীৰ নাম মিনু হাজৰিকা। মিনু হাজৰিকাৰ ঘৰ জামুগুৰিহাটৰ বৰপুখুৰীপাৰত। স্বামীক হেৰুৱাই বিধৱা হোৱা মিনুৱে গুৱাহাটীৰ জালুকবাৰীৰ এখন পেচেন্ট কেয়াৰ এন জি অ’ত কাম কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।

জানিব পৰা মতে, প্ৰায় দুমাহৰ মূৰত কালি নিজৰ ঘৰলৈ উভতি আহিছিল মিনু। কিন্তু অভিযোগ অনুসৰি, ঘৰলৈ উভতি অহাৰ পাছতে সৰু পুত্ৰ শংকৰ হাজৰিকাই তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ কয়।

মিনুৰ অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও শংকৰে তেওঁক কেইবাবাৰো প্ৰহাৰ কৰিছিল।

unimex

মিনুৰ দুজন পুত্ৰ। ডাঙৰ পুত্ৰ বাবু হাজৰিকা ঘৰতে থাকে আৰু মেজিক গাড়ী চলায়। আনহাতে, সৰু পুত্ৰ শংকৰ হাজৰিকা কৰ্মসূত্ৰে জখলাবন্ধাৰ এখন হোটেলত থাকে বুলি জানিব পৰা গৈছে।

ঘৰৰ পৰা ওলাই অহাৰ পাছত বিশ্বনাথ নগৰৰ এখন দোকানৰ সন্মুখত বেগ-বস্তা লৈ বহি থাকিবলগীয়া হয় মিনু। কান্দি কান্দি নিজৰ কৰুণ পৰিস্থিতিৰ কথা স্থানীয় লোকসকলক অৱগত কৰে মহিলাগৰাকীয়ে।

পিছত স্থানীয় একাংশ লোকৰ দৃষ্টিগোচৰ হয় ঘটনাটো। লোকসকলে Sakhi One Stop Centre-ক খবৰ দিয়াত কেন্দ্ৰটোৰ অধ্যক্ষা মানসী দাওকা ঘটনাস্থলীত উপস্থিত হয়। তেওঁ মহিলাগৰাকীক উদ্ধাৰ কৰি নিৰাপদ আশ্ৰয়লৈ লৈ যায় আৰু তেওঁৰ দায়িত্ব গ্ৰহণ কৰে।

ইফালে, নিজ জন্মদাত্ৰী মাতৃক এনেদৰে ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰোৱাৰ অভিযোগক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি ঘটনাটোৰ উচিত তদন্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »