Your Mic Your Voice

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিমন্যু তালুকদাৰৰ সাক্ষ্য

0

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত বুধবাৰে ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰে। জুবিনৰ অন্তিম সময়ৰ ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত থকা অভিমন্যুক অনুষ্ঠানটোত সংঘটিত ঘটনাৰ সন্দৰ্ভত আদালতে প্ৰশ্ন কৰে।

অৱশ্যে বুধবাৰে সাক্ষ্য আৰু জেৰা সম্পূৰ্ণ নহ’ল। শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাৰ জেৰা বাকী থকাৰ বাবে বৃহস্পতিবাৰে পুনৰ আদালতত হাজিৰ হ’ব অভিমন্যু।

unimex

আদালতৰ পৰা ওলাই তেওঁ কয়, “জেৰা সম্পূৰ্ণ নোহোৱালৈকে কিবা কোৱাটো ভাল নহ’ব। সাক্ষ্য সম্পূৰ্ণ হোৱাৰ পাছতহে যিমানখিনি ক’ব পাৰোঁ, ক’ম।”

ইফালে য়ট পাৰ্টিৰ আয়োজক তেওঁ বা অসম এছ’চিয়েচন নাছিল বুলিও স্পষ্ট কৰে অভিমন্যুৱে। বিষয়টো আদালতৰ বিচাৰাধীন হোৱাৰ বাবে আয়োজকৰ বিষয়ে অধিক মন্তব্যৰ পৰা বিৰত থাকে তেওঁ।

উল্লেখ্য, য়ট পাৰ্টিত উপস্থিত থকা প্ৰবাসী অসমীয়াৰ ভিতৰত এতিয়ালৈকে পাঁচগৰাকীয়ে আদালতত সাক্ষ্যদান কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »