তেজপুৰৰ কমাৰ চুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড
তেজপুৰ: তেজপুৰৰ কমাৰ চুবুৰীৰ গেছ এজেন্সীৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ এখন গেলামালৰ দোকান আৰু এখন ইলেক্ট্ৰিকৰ দোকানত এই অগ্নিকাণ্ড সংঘটিত হয়।
স্থানীয় লোকৰ ভাষ্য অনুসৰি, নিশা প্ৰায় ১ বজাত দোকানসমূহত জুই লগাৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত গেলামালৰ দোকানখনৰ বহু সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি নষ্ট হয়। দোকানখনৰ স্বত্বাধিকাৰী দিগন্ত মেধিয়ে জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডত প্ৰায় ৬ৰ পৰা ৭ লাখ টকাৰ সামগ্ৰী জ্বলি নষ্ট হৈছে।
ইফালে, কাষতে থকা এখন ইলেক্ট্ৰিকৰ দোকানতো অগ্নিকাণ্ডৰ ফলত প্ৰায় একলাখ টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱা বুলি দোকানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে।
প্ৰাথমিকভাৱে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ সম্পৰ্কে তদন্তৰ পিছতহে নিশ্চিত তথ্য পোহৰলৈ আহিব।