পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা
গুৱাহাটী : ১১ অক্টোবৰৰ পৰা পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফী (মাল্টি-ডে) প্ৰতিযোগিতাৰ ২০২৬-২৭ৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলটো ঘোষণা কৰিছে ।
প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে ডেনিছ দাসে । অসমৰ দলটো, ডেনিছ দাস ( অধিনায়ক), শিৱশংকৰ ৰয়, ৰাজবীৰ সিং, নিবিড় ডেকা, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, সুমিত ঘাদিগাঁওকাৰ, অনুৰাগ তালুকদাৰ, মোহিত ঠাকুৰ, অম্লানজ্যোতি দাস, মুখতাৰ হুছেইন, সুনীল লাচিত, দীপজ্যোতি শইকীয়া, ৰোচন আলম আৰু বিশাল নেৱাৰ ।

ষ্টেণ্ডবাই খেলুৱৈ ঋতুৰাজ বিশ্বাস, আয়ুষ আগৰৱালা, দৰ্শন ৰাজবংশী, হৃদীপ ডেকা, আকাশ সেনগুপ্ত, ভাৰ্গব প্ৰতিম লহকৰ, আব্দুল আজিজ কুৰাইছি, ৰাহুল সিং আৰু বিশাল সাহা ।
অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আগন্তুক ৰঞ্জী ট্ৰফী ছিজনৰ বাবে দলটোক আন্তৰিক শুভেচ্ছা জনোৱা হৈছে ।