আজি অভিশপ্ত ২১ ছেপ্টেম্বৰ, ছিংগাপুৰৰ পৰা অসমলৈ আহিছিল জুবিন
গুৱাহাটী : আজি ২১ ছেপ্টেম্বৰ। অসমবাসীৰ বাবে দিনটো এতিয়াও এক গভীৰ বেদনাৰে সোঁৱৰণীয়। যি দিনটোত ছিংগাপুৰৰ পৰা অসমলৈ উভতি আহিছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। সেই যাত্ৰাই আছিল অসমে তেওঁক শেষবাৰৰ বাবে দেখা পোৱা এক কৰুণ ক্ষণ।
ছিংগাপুৰৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত জুবিনক কাহিলিপাৰাৰ বাসগৃহলৈ নিয়া হৈছিল। কাহিলিপাৰাৰ বাসগৃহৰ পৰা পৰৱৰ্তী সময়ত তেওঁক সৰুসজাইলৈ লৈ যোৱা হয়। প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চাবলৈ সেইদিনা গুৱাহাটীৰ ৰাজপথত নামি আহিছিল লাখ লাখ অনুৰাগী।

শোক, আবেগ আৰু অগণন অনুৰাগীৰ ভিৰে গুৱাহাটীৰ আকাশ-বতাহ গধুৰ কৰি তুলিছিল। জুবিনৰ প্ৰতি থকা অসমৰ মানুহৰ অকৃত্ৰিম ভালপোৱাৰ এক অভূতপূৰ্ব প্ৰতিচ্ছবি সেইদিনা দেখা গৈছিল মহানগৰীত। লাখ লাখ লোকৰ উপস্থিতিয়ে সৃষ্টি কৰিছিল এক ঐতিহাসিক ক্ষণৰ।
আজি সেই ২১ ছেপ্টেম্বৰ পুনৰ ঘূৰি অহাৰ লগে লগে অসমবাসীৰ মনত সতেজ হৈ পৰিছে সেই বেদনাদায়ক স্মৃতি। ছিংগাপুৰৰ পৰা অসমলৈ জুবিনৰ সেই শেষ যাত্ৰা আৰু তেওঁক আদৰিবলৈ ওলাই অহা অগণন মানুহৰ দৃশ্য আজিও বহুজনৰ মনত সজীৱ। দিনটোৱে সোঁৱৰাই দিয়ে অসমৰ সংগীতজগতৰ এক যুগৰ সৈতে জড়িত সেই আবেগিক বিদায়ৰ মুহূৰ্ত।