Your Mic Your Voice

বজালীত পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ, জীয়ৰীৰ আন্তঃসাম্প্ৰদায়িক বিবাহক লৈ বিতৰ্ক

0

বজালী: বজালীৰ কুৰোবাহা গাঁৱত এগৰাকী যুৱতীৰ বিবাহক কেন্দ্ৰ কৰি এটা পৰিয়ালক সমাজৰ পৰা এঘৰীয়া কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালটোৰ অভিযোগ অনুসৰি, যুৱতীগৰাকীৰ প্ৰথমে এগৰাকী মুছলমান যুৱকৰ সৈতে সম্পৰ্ক আৰু বিবাহক লৈ সৃষ্টি হোৱা ঘটনাৰ পিছতে গাঁওখনৰ ৰাইজে তেওঁলোকক এঘৰীয়া কৰে।

অভিযোগ অনুসৰি, কুৰোবাহা গাঁৱৰ যুৱতী এগৰাকীয়ে প্ৰায় পাঁচ মাহ পূৰ্বে নলবাৰী জিলাৰ এগৰাকী মুছলমান যুৱকৰ সৈতে ঘৰ এৰি গৈছিল। পৰিয়ালটোৱে এই ঘটনাক ‘লাভ জেহাদ’ৰ ঘটনা বুলি অভিযোগ কৰিছে।

পৰৱৰ্তী সময়ত নিহাৰিকাক পুনৰ ঘৰলৈ ঘূৰাই অনা হয়। ইয়াৰ পিছত তেওঁ এগৰাকী অসমীয়া যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি পৰিয়ালৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

unimex

পৰিয়ালটোৰ অভিযোগ অনুসৰি, এই ঘটনাৰ পিছতে কুৰোবাহা গাঁৱৰ ৰাইজে তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰে। জীয়ৰী পুনৰ ঘৰলৈ অহাৰ পিছতো পৰিয়ালটোৱে সামাজিকভাৱে বিভিন্ন ধৰণৰ মানসিক হেঁচা আৰু নিৰ্যাতনৰ সন্মুখীন হৈছে।

পৰিয়ালটোৱে সমাজৰ পৰা এঘৰীয়া নকৰিবলৈ বাৰে বাৰে আবেদন জনোৱাৰ পিছতো গাঁওখনৰ ৰাইজে তেওঁলোকৰ আবেদন গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

পৰিয়ালটোৱে তেওঁলোকৰ বিৰুদ্ধে চলোৱা সামাজিক ব্যৱস্থা প্ৰত্যাহাৰ কৰি স্বাভাৱিক জীৱন যাপন কৰাৰ সুযোগ দিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »