গৌৰীপুৰত এক সপ্তাহ ধৰি বিদ্যুৎ বিচ্ছিন্ন, APDCL ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
ধুবুৰী: ধুবুৰীৰ গৌৰীপুৰৰ বালাজনত যোৱা এক সপ্তাহ ধৰি সম্পূৰ্ণ বিদ্যুৎ সেৱা বন্ধ হৈ আছে। যাৰ ফলত ৰাইজে তীব্ৰ অসুবিধাৰ সন্মুখীন হৈছে। আজি বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ বাবে স্থানীয়লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে কয় যে বিদ্যুৎ সেৱা ব্যাহত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা এন্ধাৰত পঢ়িব লগা হৈছে। জনোৱাৰ পিছতো APDCL কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

ৰাইজৰ অভিযোগ অনুসৰি এই সন্দৰ্ভত তেওঁলোকে গৌৰীপুৰ APDCL ৰ SDE ক জনাইছে যদিও কোনো লাভ হোৱা নাই।