নগাঁও লোকসভা উপ-নিৰ্বাচন: তিনিগৰাকীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ, নিৰ্বাচনী যুঁজত ১৫ গৰাকী
গুৱাহাটী: আগন্তুক নগাঁও লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে মুঠ ১৫ গৰাকী প্ৰাৰ্থী । নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আজি সম্পন্ন হৈছে। মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত মুঠ ১৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যোগ্য বিবেচিত হৈছিল যদিও আজিৰ দিনটোত তিনিগৰাকী প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম, নৱৰং কংগ্ৰেছ পাৰ্টীৰ কৰিমুল্লা শেখ আৰু নিৰ্দলীয় প্ৰাৰ্থী পুৰুষোত্তম বেহেৰা। ইফালে, তৃণমুল কংগ্ৰেছৰ প্ৰতীকচিহ্ন আৰু নাম স্থগিত ৰখাৰ বাবে দলটোৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে । নগাঁও উপ-নিৰ্বাচনৰ বাবে দলৰ নাম আৰু নিৰ্বাচনী প্ৰতীকচিহ্ন ভাৰতীয় নিৰ্বাচন আয়োগে অন্যায়ভাৱে আৰু অগণতান্ত্ৰিকভাৱে সাময়িকভাৱে স্থগিত ৰাখিছে। এই সিদ্ধান্তৰ প্ৰতিবাদত আৰু দলৰ সভানেত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশ মৰ্মে তৃণমূল কংগ্ৰেছে এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।