প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি: ১৯ ছেপ্টেম্বৰত ৰাজ্যজুৰি কংগ্ৰেছে পালন কৰিব “জুবিন গাৰ্গ স্মৃতি সন্ধ্যা”
গুৱাহাটী: অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে অহা ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৰাজ্যজুৰি “জুবিন গাৰ্গ স্মৃতি সন্ধ্যা” পালন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে দলৰ সাধাৰণ সম্পাদক (প্ৰশাসন) বিপুল গগৈয়ে এক আনুষ্ঠানিক জাননীযোগে ৰাজ্যৰ সকলো জিলা কংগ্ৰেছ কমিটীক এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আয়োজন কৰিবলৈ নিৰ্দেশ দিছে। জাননীখনত উল্লেখ কৰা অনুসৰি, অসমবাসীৰ চিৰপ্ৰৱাহমান কণ্ঠ তথা মহান শিল্পীগৰাকীৰ পৱিত্ৰ স্মৃতিত সকলো জিলা সমিতিয়ে এক গম্ভীৰ পৰিৱেশত “জুবিন গাৰ্গ স্মৃতি সন্ধ্যা”ৰ আয়োজন কৰিব লাগিব। ইয়াৰ অংশ হিচাপে প্ৰতিখন জিলাৰ বিশেষ স্থানত জুবিন গাৰ্গৰ এখন বৃহৎ প্ৰতিচ্ছবি স্থাপন কৰি গভীৰ শ্ৰদ্ধাৰে বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আগত লৈ এক শান্তিপূৰ্ণ শোভাযাত্ৰা উলিয়াবলৈকো দলৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা হৈছে। এই সমগ্ৰ কাৰ্যসূচী সৰ্বোচ্চ আন্তৰিকতা, গাম্ভীৰ্যতা আৰু সাংস্কৃতিক মৰ্যাদা বৰ্তাই ৰাখি শিল্পীগৰাকীৰ অনবদ্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে সম্পন্ন কৰিবলৈ বিশেষভাৱে নিৰ্দেশ দিয়া হৈছে।