বিশ্বনাথঘাটত ঢেকীয়াপতীয়া বাঘৰ বিচৰণ
বিশ্বনাথ চাৰিআলি: বিশ্বনাথ ঘাটৰ নতুন গাঁৱত ঢেকীয়াপতীয়া বাঘৰ বিচৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে । বাঘৰ পোৱালি এটাক ৰাতিপুৱা বৰশী টোপাই আহি থকা লোকে প্ৰত্যক্ষ কৰে লগে লগে গাঁওখনত হুৱা দুৱা লাগে ।
গাঁওৰ ৰাইজৰ খবৰ দিয়াৰ পিছত ঘটনা স্থলীত বন বিভাগৰ লোক আৰু বিশ্বনাথ সদৰ আৰক্ষী উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ ব্যৱস্থা কৰে ।

আজি বহু দিনৰে পৰা বিশ্বনাথৰ নতুন গাঁৱত বাঘৰ বিচৰণ কৰা উমান পাইছিল গাও বাসীয়ে কিন্তু আজি বাঘৰ পোৱালি এঘৰ লোকৰ নেটত লগে ।
বৰ্তমান বাঘৰ পোৱালিটোক উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ এৰি দিয়া হৈছে ।