অনশনত অখিল গগৈ, উজনিৰ বানপীড়িতক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী
গুৱাহাটী: উজনি অসমৰ তিনিখন জিলাৰ বানপীড়িত লোকক ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবীত দিছপুৰত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিধায়কগৰাকীয়ে এই অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰথমে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ সমীপৰ ৰাজপথৰ উৰণসেতুৰ তলত অনশন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল।
ইফালে, প্ৰতিবাদী কাৰ্যসূচীক লৈ আৰক্ষী-প্ৰশাসনো সষ্টম হৈ পৰে। আৰক্ষীৰ হেঁচাৰ পিছত অনশনৰ স্থান সলনি কৰা হয়।

বৰ্তমান গণেশ মন্দিৰৰ সমীপৰ স্থানত বিধায়ক অখিল গগৈয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে।
উজনিৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে অধিক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে বিধায়কগৰাকীয়ে। বানপীড়িতসকলৰ সমস্যাক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
অনশনস্থলীত আৰক্ষী-প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে। বিধায়কগৰাকীৰ অনশন আৰু পৰৱৰ্তী কাৰ্যসূচীক লৈ দিছপুৰত ৰাজনৈতিক তথা প্ৰশাসনিক তৎপৰতা বৃদ্ধি পাইছে।