Your Mic Your Voice

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসম জাতীয় পৰিষদৰ ‘কিতাপৰ দিন’ পালন

0

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি, আদৰ্শ আৰু তেওঁৰ জীৱনজোৰা কিতাপ-পঢ়াৰ অনুৰাগক সন্মান জনাই অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি ‘কিতাপৰ দিন’ পালন কৰে।

unimex

জুবিন গাৰ্গ স্মৃতি সপ্তাহ’ৰ অংশ হিচাপে পালন কৰা এই বিশেষ দিনটোত জ্ঞান, চিন্তা, সৃষ্টিশীলতা আৰু বৌদ্ধিক চেতনাৰ প্ৰসাৰৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলটোৰ নেতা-কৰ্মীসকলে কিতাপ পঢ়া আৰু গ্ৰন্থ চৰ্চাৰ কাৰ্যসূচী হাতত লয়।অসম জাতীয় পৰিষদৰ তৰফৰ পৰা জনোৱা হয় যে, জুবিন গাৰ্গ কেৱল এজন শিল্পীয়ে নহয়, তেওঁ আছিল এক বৌদ্ধিক সত্তা।

কিতাপৰ প্ৰতি থকা তেওঁৰ গভীৰ অনুৰাগক নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়াৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »