Your Mic Your Voice

নিৰ্বাচন নেখেলে ৰাইজৰ দলে

0

কংগ্রেছতে আছে আটাইতকৈ বেছি ৰাজনৈতিক মূর্খ

গুৱাহাটী: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনির্বাচনত ৰাইজৰ দলে প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিব।” ৰাইজৰ দলৰ আজি অনুষ্ঠিত কৰ্ণধাৰ কমিটিৰ সভাত দলটোরে এই প্রস্তাৱ গ্ৰহণ কৰে। সেই অনুসৰি ৰাইজৰ দলে নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনির্বাচনক লৈ গ্রহণ কৰা প্ৰস্তাৱটোত কয়- “ৰাইজৰ দলৰ কর্ণধাৰ কমিটিৰ আজিৰ সভাত তলত উল্লেখ কৰা প্ৰস্তাৱটি সর্বসম্মতিক্রমে গ্রহণ কৰা হয় ।

এই সন্দর্ভত বিধায়ক অখিল গগৈয়ে কয়- “ৰাইজৰ দলে বিৰোধী মিত্রজোটৰ অংশ হিচাপে নগাঁও উপ-নির্বাচনত সাম্প্রদায়িক শক্তি বিজেপি আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈ আছিল। কিন্তু উপ-নির্বাচনৰ পূৰ্বে কংগ্ৰেছে হঠাৎ ৰাইজৰ দলক বিৰোধী মিত্ৰজোঁটৰ পৰা আঁতৰাই দিয়ে। যিকোনো নিৰ্বাচনৰ পূৰ্বে কোনো ৰাজনৈতিক দলে মিত্রদলক খেদি নিদিয়ে। কংগ্রেছে আমাক মিত্রজোঁটৰ পৰা খেদি দিলে। অন্যথা আমি নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনির্বাচনত কংগ্রেছক সমর্থন দিব পাৰিলোহেঁতেন।” হঠাৎ বিৰোধী মিত্রজোঁট ভাঙি পেলোৱা কংগ্রেছ সম্পর্কত সাংবাদিকসকলে নানা প্রশ্ন কৰে যদিও অখিল গগৈয়ে অধিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে। কিন্তু প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে অখিল গগৈক আজি আক্রমণ কৰা বুলি সাংবাদিকে উল্লেখ কৰি ৰাইজৰ দলৰ সভাপতিজনৰ মতামত বিচৰাত তেওঁ কয়, “কংগ্রেছতে আছে আটাইতকৈ বেছি ৰাজনৈতিক মূর্খ। নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনত অৱৰ্ত্তীৰ্ণ হোৱা দলৰ নেতাই নির্বাচনত অৱত্তীর্ণ নোহোৱা দলক সোঁ-বাঁওবে গালি পাৰি থাকেনে? কংগ্ৰেছৰ ভিতৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন বুজাবুজি থকা মানুহ আছে, যাক মুখ্যমন্ত্রীয়ে ফিক্সড ডিপ’জিত বুলি কয়। আমাৰ যি খবৰ আছে, কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰ আৰু নগাঁৱৰ এজন কংগ্রেছ নেতা কংগ্ৰেছ দলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ “ফিক্সড ডিপ’জিট”। মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আন কাকো ডাঙৰ মানুহ বুলি নাভাবে। তেওঁ ভাবে যে হিমন্ত বিশ্ব শর্মা এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব আৰু সেয়ে তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে গোপন যোগাযোগত থাকে। কংগ্ৰেছৰ ভিতৰৰ এনে ৰাজনৈতিক এজেন্ট আৰু ৰাজনৈতিক স্থিতিৰ বাবেই বিৰোধী ভোট একত্ৰিত কৰাৰ সম্ভাৱনা ক্ষতিগ্রস্ত হৈ হৈ কংগ্ৰেছ দুৰ্বল হৈ পৰিছে।আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। গগৈয়ে কয় “হিমন্ত বিশ্ব শর্মা আৰু অসমীয়া হৈ থকা নাই। তেওঁ ইতিমধ্যে দিল্লীৰ দালালত পৰিণত হৈ পৰিছে।” সাংবাদিকে প্রশ্ন সুধিছিল যে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনত সকলো অসমীয়াক এগছিকৈ বন্তি জ্বলাবলৈ আহ্বান জনোৱাৰ সম্পৰ্কত আপোনাৰ মতামত কি? তেওঁ কয় যে যি প্রধানমন্ত্রী অসমৰ আটাইতকৈ ডাঙৰ দুৰ্যোগত অসমলৈ অহা নাই, অসমৰ পক্ষত এটা মাত দিয়া নাই, ফুটাকড়ি এটা দিয়া নাই; সেই প্রধানমন্ত্রীৰ বাবে কোনে স্বতঃস্ফূর্তভাবে চাকি জ্বলাবলৈ যাব? চাকি, চাকিৰ তেল সকলো হিমন্ত বিশ্বই দিলে কোনোবাই জ্বলাব পাৰে। অসমৰ মুখ্যমন্ত্রী এতিয়া অসমৰ প্রতিনিধি হৈ থকা নাই, তেওঁ দিল্লীৰ এজেণ্টত পৰিণত হ’ল!

unimex

“ফেচিবাদী, স্বৈৰাচাৰী আৰু উগ্র সাম্প্রদায়িক দল বিজেপিক আৰু আনসমূহ সাম্প্রদায়িক দলক প্রতিহত কৰাৰ স্বাৰ্থত তথা ফেচিবাদী ও সাম্প্রদায়িক শক্তি বিৰোধী ভোট বিভাজন ৰোধ কৰিবলৈ ৰাইজৰ দলৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী থকা স্বত্বেও নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপনির্বাচনত ৰাইজৰ দলে প্রতিদ্বন্দিতা কৰাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্রহণ কৰে।

ফেচিবাদী, স্বৈৰাচাৰী আৰু উগ্রসাম্প্রদায়িক চিন্তাৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নগাঁও লোকসভা সমষ্টিৰ সদাশয় ভোটাৰ ৰাইজক বিবেচনা কৰি নিজৰ বিবেক ভোট গণতান্ত্রিক চিন্তাৰ প্ৰাৰ্থীক প্রদান কৰিবলৈ আহ্বান জনাই আজিৰ কৰ্ণধাৰ কমিটিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।”

গুৱাহাটীৰ চানমাৰি নিজৰাপাৰৰ বাসগৃহত অনুষ্ঠিত এক সংবাদমেলত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই কথা প্রকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিত ৰাইজৰ দলৰ নিজৰ বিধায়ক থকাৰ উপৰি লোকসভা সমষ্টিটোত নিজৰ সাংগঠনিক ভিত্তি থকা সত্ত্বেও বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ উদ্দেশ্যে এই উপ-নির্বাচনত ৰাইজৰ দলে প্রার্থী নিদিয়াৰ সিদ্ধান্ত লৈছে আৰু ভোটাৰসকলক গণতান্ত্রিক তথা অ-সাম্প্রদায়িক প্রার্থীক ভোট দিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »