যোৰহাটত ৬০সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাত অইল ইণ্ডিয়াৰ খিতাপ দখল
যোৰহাট: যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ঐতিহাসিক ৬০ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়া ফুটবল ক্লাব দলে। যোৰহাট ষ্টেডিয়ামৰ ফ্লাড লাইটৰ তলত অনুষ্ঠিত প্রতিযোগিতাৰ চূডান্ত খেলত টাইব্ৰেকাৰত অইল ইণ্ডিয়া দলে যোৰহাট টাউন ক্লাব দলক সামগ্রিকভাৱে ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অর্জন কৰে।

নিৰ্দ্ধাৰিত সময়ত খেল সমাপ্ত হয় ১-১ গ’লৰ ব্যৱধানত। যোৰহাট টাউন ক্লাবৰ হৈ নীলিমে গ’ল দিয়াৰ বিপৰীতে অইল দলৰ হৈ গ’লটো দিয়ে সুদীপ্ত কোঁৱৰে। নিৰ্দ্ধাৰিত সময়ত ১-১ গ’লত সমাপ্ত হোৱা খেলখনৰ অতিৰিক্ত সময়তো ১-১ গ’লত ড্র হোৱাত ৰেফাৰীয়ে পেনাল্টী শুট আউটৰ সিদ্ধান্ত গ্রহণ কৰে। পেনাল্টীত অইলে চাৰি গ’ল দিয়াৰ বিপৰীতে যোৰহাট টাউন ক্লাবে তিনি গ’ল কৰি পৰাস্ত হয়।খেল খনৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰু বঁটা বিতৰণী অনুস্থানত উপস্থিত থাকি বঁটা বিতৰণ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা,যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী,মৰিয়ণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলা ক্ৰীয়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে।