Your Mic Your Voice

প্ৰসাদ খাই অসুস্থ ৬৬ জন

0

তেজপুৰ: নগাঁও জিলাৰ কলিয়াবৰ সম-জিলাৰ অন্তৰ্গত লাইলুৰি হাৰিভাংগা গাঁৱত শনি পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত অসুস্থ হৈ পৰে ৬৬গৰাকী লোক।

অসুস্থ লোকসকলক প্ৰথমে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰে ৬৬গৰাকী লোকক সোমবাৰে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপ অধীক্ষক ডাঃ অতনু সাহাই জানিবলৈ দিয়া মতে, নিশা ১১ বজালৈকে ১৬টি শিশু, ২৯গৰাকী মহিলা আৰু ২৬গৰাকী পুৰুষসহ মুঠ ৬১গৰাকী লোকক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছে।

ভৰ্তি হোৱা লোকসকলৰ ভিতৰত এগৰাকী মহিলাক আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে। আনহাতে, উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা ৬৬গৰাকী আক্ৰান্তৰ ভিতৰত ৫গৰাকীক বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে।

unimex

চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ভৰ্তি হোৱা লোকসকল বৰ্তমান বিপদমুক্ত।

জানিব পৰা মতে, শনিবাৰে নিশা লাইলুৰি হাৰিভাংগা গাঁৱত শনি পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছতে গাঁওখনৰ বহু লোক, শিশুসহ, অসুস্থ হৈ পৰিছিল। ইয়াৰ পিছতে অসুস্থ লোকসকলক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু প্ৰসাদত বিষক্ৰিয়া কেনেদৰে সংঘটিত হ’ল, সেই সন্দৰ্ভত অধিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.

Translate »