Your Mic Your Voice

কুঠাৰেৰে আক্ৰমণত তিনিজন নিহত

0

জোনাই: ধেমাজি জিলাৰ জোনাইৰ তেলাম বজাৰত আজি পুৱাই সংঘটিত এক লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কুঠাৰেৰে আক্ৰমণ কৰি একেটা পৰিয়ালৰ তিনিজন লোকক হত্যা কৰাৰ লগতে এগৰাকী কিশোৰীক গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাত নিহতসকলক ৫ বছৰীয়া ৰিজিকা বেগম, ৮ বছৰীয়া চাখিল আলি আৰু ৩৩ বছৰীয়া চিনুৱাৰা বেগম বুলি জানিব পৰা গৈছে। আনহাতে, ১৩ বছৰীয়া নেইনা আখতাৰ গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

unimex

ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা ব্যক্তিগৰাকীক গামচুক প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ফিৰোজ আলি (৫৫) বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, নিহত আৰু আহতসকল তেওঁৰ পৰিয়ালৰ সদস্য।

অৱশ্যে, কিহৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত বাতৰি সংগ্ৰহৰ সময়লৈকে নিশ্চিত তথ্য পোহৰলৈ অহা নাই। ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ পৰিস্থিতি পৰীক্ষা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.

Translate »