Your Mic Your Voice

উপ-নিৰ্বাচনৰ বাবে ৫ গৰাকী কংগ্ৰেছ নেতাৰ আবেদন পত্ৰ সংগ্ৰহ

0

সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাৰ্থিত্বৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে যোৱা ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ অন্তিম দিনটোলৈকে মুঠ ৫ গৰাকী নেতাই দলীয় টিকটৰ বাবে আবেদন পত্ৰ সংগ্ৰহ তথা দাখিল কৰে। নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ বাবে আবেদন জনোৱা নেতাসকল হৈছে প্ৰাক্তন বিধায়ক শিৱামণি বৰা আৰু ডাঃ দুৰ্লভ চমুৱাৰ লগতে ৰঞ্জিত বৰ্মন, মাইদুল ইছলাম খান আৰু ইমদাদ হুছেইন।

unimex

প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উপলব্ধ এই আবেদন পত্ৰৰ সৈতে আটাইকেইগৰাকী আবেদনকাৰীয়ে ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটী’ৰ নামত ১ লাখ টকাৰ নন-ৰিফাণ্ডেবল ডিমাণ্ড ড্ৰাফট আৰু নিজৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰ প্ৰমাণিত প্ৰতিলিপি সংলগ্ন কৰি দলৰ কোষাধ্যক্ষৰ ওচৰত দাখিল কৰিছে। এপিচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই পূৰ্বতে জাৰি কৰা নিৰ্দেশনা অনুসৰি, মূল আবেদন পত্ৰখন প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত দাখিল কৰাৰ উপৰিও আবেদনকাৰীসকলে আবেদন আৰু ডিমাণ্ড ড্ৰাফটৰ প্ৰতিলিপি নগাঁও লোকসভা সমষ্টিৰ অধীনস্থ জিলা কংগ্ৰেছ কমিটী আৰু ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিসকলৰ ওচৰতো জমা দিব লাগিব।

Leave A Reply

Your email address will not be published.

Translate »