Your Mic Your Voice

‘মন কী বাত’ ত ‘ভোকেল ফৰ লোকেল’ প্ৰসংগ উত্থাপন মোডীৰ

0

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ত দেশৰ যুৱপ্ৰজন্মক নিচামুক্তি অভিযানৰ উপৰিও লোকেল ফৰ ভোকেল সহ কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰে।

আজি ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক উদ্দেশ্যি নিচা মুক্তি অভিযানকে ধৰি দেশৰ সামাজিক আৰু ৰাষ্ট্ৰীয় মুদ্ৰাকে ধৰি বিভিন্ন প্ৰসংগ উল্লেখ কৰে। লগতে ভাৰত ত্যাগ আন্দোলন সহিতে স্বাধীনতা আন্দোলনৰ প্ৰসংগও উল্লেখ কৰে।

কথা প্ৰসংগত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ‘মন কী বাত’ এনে এখন মঞ্চ য’ত‌ দেশবাসীৰ যোগাত্মক চিন্তাধাৰাৰ চিন্তা-চৰ্চা কৰা হয়।
ভাষণৰ মাজতে তেওঁ মুম্বাইৰ কৃষ্ণা চৌপাদ্ৰীৰ ‘ভাৰত ডট কম’ নামৰ এটা ৱেবছাইটৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ৱেবছাইটটোত যিকোনো বছৰ এটা বাচনি কৰি সেই সময়ত ভাৰতৰ কোনটো অংশত কাৰ শাসন আছিল সেই বিষয়ে জানিব পাৰি বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কৃষ্ণা চৌপাদ্ৰীক এই বেৱচাইটটোৰ বাবে শুভকামনা জনায়।

unimex

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিচামুক্তি অভিযানৰ কথাও উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে দেশৰ যুৱপ্ৰজন্মও এই অভিযানৰ অংশ হৈ পৰিছে। নিচাৰ অভ্যাসে অকল নিচাসক্ত ব্যক্তি জনকেই ক্ষতি নকৰে ই সমগ্ৰ ঘৰখনৰ পৰিয়ালকেই প্ৰভাৱিত কৰে। দেশৰ যুৱপ্ৰজন্মক শ্লোগান, গান আৰু নাটকৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে অনুৰোধ জনায়।

প্ৰধানমন্ত্ৰী গৰাকীয়ে স্ব-নিধি যোজনাৰ বিষয়ে উল্লেখ কৰি এই আচঁনিৰ জৰিয়তে ৪৬ শতাংশ মহিলা উপকৃত হৈছে বুলি কয়। লগতে ‘ভোকেল ফৰ লোকেল’ নীতিক আকোৱালি ল’বলৈ দেশবাসীক অনুৰোধ জনায়। তেওঁ কনটেন্ট ক্ৰিয়েটৰ আৰু ইনফ্লুৱেঞ্জাৰ সকলকো ‘ভোকেল ফৰ লোকেল’ এই নীতিৰ জৰিয়তে জনসাধাৰণক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.

Translate »