Your Mic Your Voice

গণেশ মহোৎসৱত অঘটন! দুজনৰ মৃত্যু, আহত কেইবাজনো

0

মুম্বাইত গণেশ চতুৰ্থীৰ ব্যাপক উছাহৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাইখলাৰ পৰা ভূলেশ্বৰৰ মণ্ডপলৈ আনি থকা অৱস্থাত প্ৰায় ২২ ফুট ওখ প্ৰতিমা ভাগি পৰি প্ৰাণ হেৰুৱাইছে দুজন লোকে। এই ঘটনাত দুটি শিশুৰ লগতে আহত হৈছে ৫জন লোক।

জানিব পৰা মতে দক্ষিণ মুম্বাইৰ ভূলেশ্বৰ এলেকাৰ বলৰাম মাৰ্চেণ্ট ৰোড, কবুতৰখানা আৰু জয় অম্বে চকত শনিবাৰে নিশা এই ঘটনা সংঘটিত হয়। শোভাযাত্ৰা কৰি যোৱাৰ সময়তে হঠাৎ গণেশৰ প্ৰতিমূৰ্ত্তিটো বাগৰি পৰাৰ ফলত মৃত্যুমুখত পৰে দুজন লোক। মৃত লোক দুজন হৈছে -সংকেত নেৱসে (৩৩) আৰু হেমন্ত যোশী(৩০) ।

unimex

এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। আহত কেইবাজনো লোকক হস্পিতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান আহত সকলৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই। লগতে এই ঘটনা কিদৰে সংঘটিত হ’বলৈ পালে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.

Translate »