শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত উন্মোচন হ’ল কাব্যগ্ৰন্থ ‘অপৰাজেয় অসম’
কাৰ্বি আংলঙৰ যুৱ কবি তথা লেখক সমৰাজ চৌহানৰ প্ৰথমখন অসমীয়া কাব্যগ্ৰন্থ ‘অপৰাজেয় অসম’ গুৱাহাটীত উন্মোচন । অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে গুৱাহাটীস্থিত চৰকাৰী কাৰ্যালয়ত সোমবাৰে উন্মোচন কৰে অসমীয়া কাব্যগ্ৰন্থ ‘অপৰাজেয় অসম’। গ্ৰন্থখন উন্মোচন কৰি কবিগৰাকীৰ সাহিত্যিক যাত্ৰাৰ ক্ষুদ্ৰ প্ৰয়াসক শলাগ লয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

কবি সমৰাজ চৌহান এজন কাৰ্বি আংলং জিলাৰ ‘ৰংকূট’ নামৰ গ্ৰাম্যাঞ্চলৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱাৰ উপৰিও নিয়মীয়াকৈ চৌহানে সাহিত্যৰ লগতে কাব্যিক চৰ্চাও কৰি আহিছে । কবি সমৰাজ চৌহান বৰ্তমান অসম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ এজন গৱেষক ছাত্ৰ হিচাপে অধ্যয়নৰত ।কবিগৰাকীয়ে দীৰ্ঘদিন ধৰি অসমীয়া আৰু হিন্দী দুয়োটা ভাষাতে নিয়মীয়াকৈ সাহিত্যচৰ্চা কৰি আহিছে । এই ‘অপৰাজেয় অসম’ নামৰ কাব্যগ্ৰন্থখনত অসমৰ ইতিহাস, ঐতিহ্য, বীৰত্ব, সংস্কৃতি, প্ৰকৃতি আৰু স্বদেশপ্ৰেমৰ চেতনাক কবিতাৰ মাধ্যমেৰে তুলি ধৰাৰ প্ৰয়াস কৰিছে কবিগৰাকীয়ে ।
ইয়াৰ লগতে পূৰ্ব সংকলিত ‘সাধনা’ নামৰ হিন্দী পাঠ্যপুথিখন ৰাজ্যৰ বিভিন্ন শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় আৰু জাতীয় বিদ্যালয়ৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত পঢ়ুৱাই থকা হৈছে বুলি জানিব পাৰি । পিছে,এই অনুষ্টুপীয়া গ্ৰন্থ উন্মোচনী অনুষ্ঠানত হাওৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তাজ উদ্দিন আৰু শ্যাম সুন্দৰ চৌহান, আকাশ চৌহানৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।