গোলকগঞ্জত নিৰুদ্দেশ পোষ্টমেন বৰুন দাস: দুই মাহ ধৰি সন্ধানহীন
ধুবুৰী জিলাৰ গোলকগঞ্জৰ বাসিন্দা তথা পেছাত পোষ্টমেন বৰুন দাস যোৱা ৮ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালটো গভীৰ উদ্বেগত দিন পাৰ কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, নিৰুদ্দেশ হোৱাৰ প্ৰায় দুই মাহ অতিক্ৰম হোৱাৰ পিছতো তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।
পৰিয়ালৰ লোকে জনোৱা মতে, গোলকগঞ্জ আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰা হৈছিল যদিও এতিয়ালৈকে কোনো সন্তোষজনক অগ্ৰগতি হোৱা নাই। ইয়াৰ ফলত পত্নী আৰু একমাত্ৰ পুত্ৰই দিনে-নিশাই বৰুন দাসৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ-খোচাৰ অব্যাহত ৰাখিছে। ইফালে, পৰিয়ালে অভিযোগ কৰে যে বৰুন দাসৰ নামত Bajaj Finance-ৰ পৰা প্ৰায় ৬ লাখ টকাৰ ঋণ, লগতে ৰেফ্ৰিজাৰেটৰ আৰু স্মাৰ্টফোন ক্ৰয় কৰা হৈছে। এই ঘটনাৰ সৈতে মুন্নী প্ৰসাদ দাস নামৰ এগৰাকী মহিলাৰ নাম জড়িত থকাৰ অভিযোগ পৰিয়ালৰ। পৰিয়ালৰ দাবী অনুসৰি, বিগত দুবছৰ ৰাজস্থানত পুত্ৰৰ পঢ়া-শুনাৰ বাবে থকাৰ সুযোগত উক্ত মহিলাই বৰুন দাসৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলি তেওঁক আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰে। লগতে, পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে বৰুন দাস নিৰুদ্দেশ হোৱাৰ আঁৰত আত্মহত্যাৰ বাবে প্ৰৰোচনা অথবা তেওঁক লুকুৱাই ৰখাৰ সম্ভাৱনাও ব্যক্ত কৰে ।
আনহাতে, নিৰুদ্দেশ হোৱাৰ পিছত এছডিআৰএফে গংগাধৰ নৈত তিনি দিন ধৰি অনুসন্ধান অভিযান চলাইছিল যদিও কোনো সফলতা লাভ কৰা নাছিল। ইফালে, বৰুন দাসৰ অনুপস্থিতিৰ মাজতে Bajaj Finance-ৰ লোকসকলে ঘৰত আহি বিভিন্ন ধৰণৰ হেঁচা আৰু ভাবুকি প্ৰদান কৰি থকা বুলি পৰিয়ালৰ অভিযোগ।
