ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ২০২৬: ৰাজ্যৰ চাৰিগৰাকীলৈ আগবঢ়োৱা হ’ল বিশেষ সন্মান
আজি ৭ আগষ্ট ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অসমৰ চাৰিজনলৈ প্ৰদান কৰা হয় 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক সম্বৰ্ধনা জনায় । ৰাজ্যখনে দুটাকৈ সন্ত কবীৰ হস্ততাঁত বঁটা আৰু দুটা ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰে ।
হস্ততাঁত খণ্ডৰ সৰ্বোচ্চ সন্মান সন্ত কবীৰ হস্ততাঁত বঁটা প্ৰদান কৰে কামৰূপ (মেট্ৰ’)ৰ ৰুনিমা চেতিয়া চৌধুৰীক তেওঁৰ মুগা ৰেচম শাড়ীৰ বাবে আৰু গুৱাহাটীৰ জ্যোতি ভূঞাক তেওঁৰ প্ৰাকৃতিক ৰং কৰা ইৰি ৰেচম শাড়ীৰ বাবে । দুয়োজনে বয়ন শিতানত স্বীকৃতি লাভ কৰিছে ।

একেদৰে ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাও লাভ কৰে আমাৰ ৰাজ্যখনে । ৰেচম গেৰোৰ বাবে অসম বয়ন দিব্যাং তাঁতী শাখাত দিব্যাং শিপিনী ৰিতি ডোলেই এই বঁটা লাভ কৰে । শুৱালকুছি মেছাৰ্ছ মাৰ্ভেলা এছ’চিয়েটছে হস্ততাঁত খণ্ডত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক স্বীকৃতি দি ষ্টাৰ্ট-আপ ভেঞ্চাৰছ/প্ৰডাক্টৰ কোম্পানী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
ভাৰতৰ চহকী হস্ততাঁত পৰম্পৰা ৰক্ষা, প্ৰচাৰ আৰু আগুৱাই নিয়াত ব্যতিক্ৰমী অৱদানৰ বাবে তিনিজন সন্ত কবীৰ হস্ততাঁত বঁটাপ্ৰাপক আৰু ১৯ জন ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাপ্ৰাপকক লৈ মুঠ ২২ গৰাকী বঁটাপ্ৰাপকক সম্বৰ্ধনা জনোৱা হয় ।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, চৰকাৰী জ্যেষ্ঠ বিষয়া, মাষ্টাৰ ৱেভাৰ, ডিজাইনাৰ, ৰপ্তানিকাৰক, শিপিনী আৰু হস্ততাঁত উদ্যোগৰ অন্যান্য প্ৰতিনিধিৰ উপস্থিতিত বঁটা প্ৰদান কৰা হয় ।