Your Mic Your Voice

বান বিধ্বস্ত নাজিৰাত এতিয়া ৰোগৰ প্ৰাৰ্দুভাৱ; এতিয়ালৈ প্ৰাণ হানি ৪ জনৰ

0

বানে বিধ্বস্ত কৰা নাজিৰাত শেহতীয়া জলপ্লাৱনৰ ভয়াৱহ পৰিণতিৰ সূচনা অব্যাহত আছে। এতিয়াও প্ৰায় দৈনিক আৱিষ্কাৰ হৈ আছে মৃতদেহ । সোমবাৰে নাজিৰাৰ নেপালী খুটি অঞ্চলত আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । সমান্তৰালভাৱে অঞ্চলটোত ৰোগৰ প্ৰাদুৰ্ভাৱৰ লগে লগে বানপানীৰ পিছৰ পৰিস্থিতিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে জ্বৰ আৰু ডায়েৰিয়াৰ বাবে দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । বান বিধ্বস্ত নাজিৰাত জ্বৰ, ডায়েৰিয়াই লৈছে কালৰূপ । নাজিৰাত জ্বৰত আক্ৰান্ত হৈ ৩ দিনত মৃত্যু ঘটিছে ৪জনৰ । হুলাংকাটনি গাঁ‌ঁৱত জ্বৰ আৰু ডায়েৰিয়া হৈ ভাগ্য গগৈ, মণ্টু গগৈৰ মৃত্যু হৈছিল। সুন্দৰপুখুৰীত জ্বৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবল হেম দত্ত আৰু নিতুমণি গগৈ নামৰ এগৰাকী মহিলাৰ।

unimex

সুন্দৰপুখুৰীত দেওবাৰে জ্বৰত আক্ৰান্ত হৈ নিতুমনি গগৈ নামৰ এগৰাকী ৩৯ বছৰীয়া মহিলাৰ মৃত্যু হয়। সূত্ৰই জনোৱা মতে তেওঁৰ ঘৰৰ মাজেৰে বানৰ পানী বৈ গৈছিল আৰু বানৰ হোৱাৰ দুদিন পিছত তেওঁৰ জ্বৰ হৈছিল। লিগিৰিপুখুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও উশাহ-নিশাহ লোৱাত অসুবিধাৰ বাবে গভীৰ নিশা শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটে । উন্নত চিকিৎসাৰ বাবে শিৱসাগৰলৈ স্থানান্তৰ কৰা হৈছিল যদিও বাটতে মৃত্যু ঘটে নিতুমণি গগৈৰ ।

আনহাতে জ্বৰ আৰু ডায়েৰিয়াত আক্ৰান্ত হৈ হোলোংখাটনিত প্ৰাণ হেৰুৱালে ভাগ্য গগৈয়ে । ১৯ জুলাইৰ বিধ্বংসী বানৰ সময়ত তেওঁ নিজৰ ঘৰৰ ভিতৰতে আশ্ৰয় লৈ প্ৰায় ১২ ঘণ্টা ধৰি আৱদ্ধ হৈ আছিল । বৃদ্ধি পোৱা পানীত আবদ্ধ হৈ থকাৰ পিছত এন ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰে গগৈক । দুদিন পিছত জ্বৰত অসুস্থ হৈ পৰে গগৈ আৰু দেওবাৰৰ নিশাৰ পৰা ডায়েৰিয়াৰ লক্ষণ দেখা দিয়াৰ পাচত তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে । ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বাটতে শেষ নিশ্বাস ত্যাগ কৰে ।

Leave A Reply

Your email address will not be published.

Translate »