পুনৰ প্ৰসংগ ‘স্বাধীন বেলুচিস্তানৰ’; ১১ আগষ্টক স্বাধীনতা দিৱস ঘোষণা বেলুচ সংগঠনৰ
পাকিস্তানৰ পৰা স্বাধীনতা ঘোষণা কৰাৰ কেইসপ্তাহমানৰ পাছত বেলুচিস্তান গণৰাজ্যই ১১ আগষ্টক ‘বেলুচিস্তান স্বাধীনতা দিৱস’ হিচাপে ঘোষণা কৰিছে । একে সময়তে বিশ্বৰ বিভিন্ন দেশত বসবাস কৰা বেলুচ জনসাধাৰণক এই দিৱস উদযাপনৰ বাবে আহ্বান জনাইছে ।
সোমবাৰ ৪ আগষ্টৰ দিনা প্ৰকাশ কৰা এক বিবৃতিত সংগঠনটোৱে বেলুচ জনসাধাৰণক জাতীয় ঐক্যৰে এই দিৱস উদযাপন কৰিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সমাজক স্বাধীন আৰু সাৰ্বভৌম বেলুচিস্তানক স্বীকৃতি দিবলৈ আহ্বান জনায়।
বিশ্ব সম্প্ৰদায়ক উদযাপনৰ আহ্বান
বেলুচ স্বাধীনতা কৰ্মী মিৰ য়াৰ বালোচে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বেলুচসকলে নিজৰ ঘৰ, চুবুৰী, বজাৰ, দোকান, শিক্ষানুষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত স্বাধীন বেলুচিস্তানৰ জাতীয় পতাকা উত্তোলন কৰিব লাগে ।
তেওঁৰ মতে, এই ঐতিহাসিক দিনটোৰ গুৰুত্ব ভৱিষ্যত প্ৰজন্মৰ আগত উজ্জ্বল কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে প্ৰতি বছৰে ১১ আগষ্টৰ দিনটো বেলুচিস্তান স্বাধীনতা দিৱস হিচাপে পালন কৰা হ’ব ।

বিবৃতিটোত দাবী কৰা হৈছে যে ভাৰত উপমহাদেশ বিভাজনৰ পিছৰে পৰা অঞ্চলটোত দীৰ্ঘদিনীয়া সংঘাত, অস্থিৰতা, সন্ত্ৰাসবাদ, অৰ্থনৈতিক অনিশ্চয়তা আৰু ৰাজনৈতিক সংকটে জুৰুলা হৈ আহিছে। ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে পাকিস্তানৰ নীতিৰ প্ৰভাৱ কেৱল দক্ষিণ এছিয়াতে নহয়, বিশ্বৰ অন্যান্য অঞ্চলতো অনুভৱ কৰা হৈছে
বিবৃতিটোত কাশ্মীৰ সমস্যা, ১৯৪৮ চনৰ মাৰ্চ মাহত বেলুচিস্তানত সংঘটিত সামৰিক অভিযান, ১৯৭১ চনত তেতিয়াৰ পূব পাকিস্তানত হোৱা যুদ্ধ, জৰ্ডানত পেলেষ্টাইনীক ঘেৰি ধৰা সামৰিক অভিযান, ছোভিয়েট-আফগান যুদ্ধ, ১৯৯৮ চনত চাগাই জিলাত পাকিস্তানে পাৰমাণৱিক পৰীক্ষা আৰু ১১ ছেপ্টেম্বৰ (৯/১১) আক্ৰমণৰ পিছৰ পৰিঘটনাবোৰৰ কথাও উল্লেখ কৰা হৈছে।
সংগঠনটোৱে দাবী কৰে যে এই ঘটনাই সমগ্ৰ অঞ্চলটোত অস্থিৰতা, সংঘাত আৰু ৰক্তপাত বৃদ্ধি কৰিছে ।
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ দাবী
ৰিপাব্লিক অৱ বেলুচিস্তানে দাবী কৰে যে পাকিস্তানৰ বৰ্তমানৰ গাঁথনিত থাকিলে এই অঞ্চলত স্থায়ী শান্তি, উন্নয়ন আৰু সমৃদ্ধি সম্ভৱ নহয় । সেয়েহে আন্তঃৰাষ্ট্ৰীয় সমাজক বেলুচিস্তানৰ স্বাধীনতাক স্বীকৃতি দি তেওঁলোকৰ স্থিতি সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ।
বিবৃতিটোত লগতে কোৱা হৈছে যে বেলুচিস্তান ৰিপাব্লিক আৰু ইয়াৰ ৬ কোটি বেলুচ জনসাধাৰণে নিজকে স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ বুলি গণ্য কৰে।
১১ আগষ্ট কিয়?
সংগঠনটোৱে দাবী কৰে যে বেলুচিস্তানে প্ৰথমবাৰৰ বাবে ১৯৪৭ চনৰ ১১ আগষ্টত স্বাধীনতা ঘোষণা কৰিছিল, যেতিয়া ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল । সেই সময়ত দ্য নিউয়ৰ্ক টাইমছকে ধৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে এই খবৰটো অল ইণ্ডিয়া ৰেডিঅ’তো সম্প্ৰচাৰিত হৈছিল বুলি তেওঁলোকে দাবী কৰিছে ।
এই ঐতিহাসিক দাবীৰ আধাৰত তেওঁলোকে প্ৰতি বছৰে ১১ আগষ্টক স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও তেনেকৈয়ে পালন কৰি যাব ।