• Home  
  • ভুলতে মোদীৰ ভিডিঅ’ আঁতৰাই ক্ষমা বিচাৰিলে মেটাই
- দেশ - বিদেশ

ভুলতে মোদীৰ ভিডিঅ’ আঁতৰাই ক্ষমা বিচাৰিলে মেটাই

মঙলবাৰে মেটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ ফেচবুকত ব্লক কৰাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে কন্টেন্টটো “ভুলতে আঁতৰাই দিয়া হৈছে”। লগতে মেটাই ভিডিঅ’টো পুনৰুদ্ধাৰ কৰা বুলিও উল্লেখ কৰে । ইয়াৰ কিছু সময়ৰ পিছতে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে মেটাৰ (ফেচবুক আৰু ইনষ্টাগ্ৰাম) ৰাজহুৱা নীতিৰ বিশ্বব্যাপী মুৰব্বীক মাতি আনে বুলি সূত্ৰই জনায় । উ্ল্লেখ কৰা প্ৰয়োজন […]

মঙলবাৰে মেটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ ফেচবুকত ব্লক কৰাৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে কন্টেন্টটো “ভুলতে আঁতৰাই দিয়া হৈছে”। লগতে মেটাই ভিডিঅ’টো পুনৰুদ্ধাৰ কৰা বুলিও উল্লেখ কৰে । ইয়াৰ কিছু সময়ৰ পিছতে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে মেটাৰ (ফেচবুক আৰু ইনষ্টাগ্ৰাম) ৰাজহুৱা নীতিৰ বিশ্বব্যাপী মুৰব্বীক মাতি আনে বুলি সূত্ৰই জনায় ।

উ্ল্লেখ কৰা প্ৰয়োজন যে, জুন মাহৰ শেষৰ পৰাই ৰাজধানী উত্তাল হৈছিল শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি । দেশজুৰি চলি থকা উত্তপ্ত পৰিস্থিতিৰ সময়তেই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উদ্বেগক সম্বোধন কৰি মোদীয়ে গভীৰ নিশা সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল এক ভিডিঅ’ বাৰ্তা । উক্ত বাৰ্তাটোৰ জৰিয়তে মোদীয়ে কয়, “বন্ধুসকল, মই জানো যে প্ৰশ্নকাকত ফাদিল হোৱাটো কোনো সৰু বিষয় নহয় । ই লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক অপৰিসীম যন্ত্ৰণা দিছে ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ডেৰ-দুমাহত চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।মেটাই ভুলতে আঁতৰাই দিয়া এই ভিডিঅ’টোত তেওঁ পিছদিনা কেবিনেট বৈঠকত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছিল । ২৮ জুলাইৰ পুৱা ফেচবুকে ভিডিঅ’টো আতঁৰোৱাৰ পূৰ্বে লাখ লাখ লোকে ভিডিঅ’টো চাইছিল ।

আন্দোলন চলি থকা সময়ত মাজনিশা পোষ্ট কৰা মোদীৰ এই ভিডিঅ’টোৱে এৰাতিৰ ভিতৰতে প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত প্ৰায় ১০ লাখ ফ’ল’ৱাৰ সংযোগ কৰিবলৈ সক্ষম হৈছিল । যাৰ ফলত প্ৰধানমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যমত অনুৰাগীৰ সংখ্যা বৃদ্ধি হয় প্ৰায় ১০১ মিলিয়নলৈ ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.