• Home  
  • ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আমি অটল: চৰকাৰৰে সৈতে বৈঠকৰ অন্তত CJP
- দেশ - বিদেশ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আমি অটল: চৰকাৰৰে সৈতে বৈঠকৰ অন্তত CJP

NEET কাগজ ফাদিলৰ বিৰুদ্ধে আৰু দেশৰ শিক্ষাৰ সংস্কাৰ দাবী কৰি বিগত 28 জুলাইৰ পৰাই প্ৰতিবাদত বহিছিল ককৰোচ জনতা পাৰ্টী । এই প্ৰতিবাদৰ নেতৃত্ব দিয়া ককৰোচ জনতা পাৰ্টি বৰ্তমান চৰকাৰৰ সৈতে আলোচনাৰ মজিয়াত বহিছে যদিও চৰকাৰে বৰ্তমানেও শিক্ষামন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পাৰ্টীয়ে এই সন্দৰ্ভত কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত […]

NEET কাগজ ফাদিলৰ বিৰুদ্ধে আৰু দেশৰ শিক্ষাৰ সংস্কাৰ দাবী কৰি বিগত 28 জুলাইৰ পৰাই প্ৰতিবাদত বহিছিল ককৰোচ জনতা পাৰ্টী । এই প্ৰতিবাদৰ নেতৃত্ব দিয়া ককৰোচ জনতা পাৰ্টি বৰ্তমান চৰকাৰৰ সৈতে আলোচনাৰ মজিয়াত বহিছে যদিও চৰকাৰে বৰ্তমানেও শিক্ষামন্ত্ৰীৰ পদত্যাগ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পাৰ্টীয়ে এই সন্দৰ্ভত কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত কোনো আপোচ কৰা নহ'ব । ৩ মে’ত অনুষ্ঠিত হোৱা NEET পৰীক্ষা বাতিল হোৱাৰ পাছত আত্মহত্যা কৰা লোকসকলৰ পৰিয়াললৈও ১ কোটি টকা ক্ষতিপূৰণ বিচাৰিছে প্ৰতিবাদৰত সংগঠনটোৱে ।

CJP য়ে জনোৱা মতে, শনিবাৰে পুনৰ মুখামুখি হ’ব দুয়োপক্ষ অৰ্থা CJP আৰু চৰকাৰ । নতুন দিল্লীৰ বিঠালভাই পেটেল হাউচত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে চিজেপিৰ দুই প্ৰতিনিধিয়ে দুঘণ্টীয়া বৈঠকত মিলিত হয় শুকুৰবাৰে ।

চৰকাৰী প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকৰ অন্তত চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সৌৰভ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আমি কেন্দ্ৰীয় মন্ত্ৰীসকলক কৈছিলো যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আমি অটল ।

সৌৰভ দাসে কয় যে চিজেপিয়ে আত্মহত্যাকাৰী পৰিয়ালক ১ কোটি টকা ক্ষতিপূৰণৰ দাবী জনাইছে আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ কৰিব লাগে । নাড্ডাই কয় যে মন্ত্ৰীসকলে তেওঁলোকৰ দাবী শুনি তেওঁলোকে পুনৰ চিজেপিৰ ওচৰলৈ যাব বুলি জনাইছে । শনিবাৰে পুনৰ লগ হ’ম বুলিও তেওঁ কয় । পৰীক্ষাৰ অনিয়মৰ সৈতে জড়িত সংগঠনটোৰ দাবীৰ সৌহাৰ্দ্যপূৰ্ণ সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰৰ বৈঠক অনুষ্ঠিত হয়।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.