• Home  
  • ২৬ জুলাইলৈ অব্যাহত থাকিব ৰাজ্যত বৰষুণ: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ
- অসম

২৬ জুলাইলৈ অব্যাহত থাকিব ৰাজ্যত বৰষুণ: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

ৰাজ্যত বানৰ সংহাৰী ৰূপ তাৰ মাজতে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে বতৰ বিজ্ঞানীয়ে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানীয়ে সদৰী কৰা বতৰৰ আগজাননী অনুসৰি আজি অৰ্থা 22 জুলাইৰ পৰা আগন্তুক ৫ দিনলৈ অর্থাৎ ২৬ জুলাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ লগতে অসমৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । তাৰ উপৰিও বতৰ বিজ্ঞানী জাৰি কৰা […]

ৰাজ্যত বানৰ সংহাৰী ৰূপ তাৰ মাজতে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে বতৰ বিজ্ঞানীয়ে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানীয়ে সদৰী কৰা বতৰৰ আগজাননী অনুসৰি আজি অৰ্থা 22 জুলাইৰ পৰা আগন্তুক ৫ দিনলৈ অর্থাৎ ২৬ জুলাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ লগতে অসমৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । তাৰ উপৰিও বতৰ বিজ্ঞানী জাৰি কৰা সতৰ্কতা অনুসৰি আজিৰে পৰা অহা 26 জুলাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ লগতে অসমৰ কিছু কিছু ঠাইত বিজুলী ধেৰেকণিৰ লগতে ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, বিগত কেবাদিনো ধৰি ৰাজ্যত অব্যাহত থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন ১৫ খন জিলা ভয়ংকৰ বানত ককবকাই আছে । বিশেষকৈ উজনি অসমৰ তিনিখন জিলাত সৰ্বাধিক আক্ৰান্ত হৈছে এই বানত । এতিয়া পুনৰ বৰষুণ আহিব বুলি বতৰ বিজ্ঞানীয়ে আগন্তুক কেইদিনমান পৰ্যন্ত অসমত বৰষুণ হৈ থাকিব বুলি সদৰী কৰাই আগন্তুক সময়ৰ অনিশ্চয়তাত ভুগাইছে । অসমৰ লগতে উত্তৰ-পূৱৰ আনকেইখন ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ।

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অঞ্চলটোৰ বহু অংশত ধুমুহা আৰু বজ্ৰপাত হোৱাৰো সম্ভাৱনা আছে বুলি জনাইছে কেন্দ্ৰই ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.