• Home  
  • সদনত দাখিল হ’ল 2026-27 বৰ্ষৰ বাজেট; বিৰোধীৰ তীক্ষ্ণ সমালোচনা
- অসম

সদনত দাখিল হ’ল 2026-27 বৰ্ষৰ বাজেট; বিৰোধীৰ তীক্ষ্ণ সমালোচনা

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 10 জুলাইৰ দিনা সদনত দাখিল কৰা হয় ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ সাধাৰণতে এপ্ৰিল মাহত বাজেট দাখিল কৰা হয় […]

ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 10 জুলাইৰ দিনা সদনত দাখিল কৰা হয় ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিছে বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷

সাধাৰণতে এপ্ৰিল মাহত বাজেট দাখিল কৰা হয় যদিও এইবাৰ নিৰ্বাচন তথা নতুনকৈ চৰকাৰ গঠনৰ পৰিপ্ৰেক্ষিতত জুলাই মাহতহে পূৰ্ণাংগ বাজেট দাখিল কৰা হয় ৷ দিনৰ ১১.১০ বজাত বিত্তমন্ত্ৰীয়ে দাখিল কৰে 2026-27 বৰ্ষৰ বাজেটখন ৷ ঔম গণেশায়ে নমঃ’ উচ্চাৰণেৰে বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰিলে ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট । এই বাজেটখনত শিক্ষা-স্বাস্থ্যকে ধৰি আন বিভিন্ন উন্নয়নশীল বিষয় সন্দৰ্ভত চৰকাৰী পদক্ষেপ অথবা চৰকাৰখনে লবলগীয়া ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ কৰা হৈছে ।
শাসকীয় পক্ষই বাজেটখনক জনকল্যাণমুখী বাজেট আখ্যা দিয়াৰ বিপৰীতে বিৰোধীয়ে এই বাজেটক চোকা সমালোচনা কৰাৰ লগতে বাজেটখনত একোৱে নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বাজেট সন্দৰ্ভত ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, “সচাঁ কথা ক’বলৈ গ’লে বাজেটখনত একোৱে নাই । বাজেটত কৈছে যে বাজেটৰ বাবে যিটো পইচা আহিব তাৰ ২০ শতাংশ ধাৰৰ পৰা আহিব । এইবাৰ বাজেটখন দিছে ২ লাখ ৮৫ হাজাৰ কোটি টকাৰ । নতুনকৈ ২০ শতাংশ ধাৰ ল’লে অসমৰ ধাৰো ২ লাখ ৮৫ হাজাৰ কোটি টকাই হ’বগৈ । অৰ্থাৎ অসমৰ যিমান ধাৰ বাজেটৰ পৰিমাণো সিমান । তেনেস্থলত সেইখন বাজেট কেনেকুৱা হ’ব সকলোৱে নিজে কল্পনা কৰক ।”

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কয়, “এইখন এখন গতানুগতিক বাজেট । নতুনত্ব একো নাই । এইখন এখন ঘাটি বাজেট । আঁচনিৰ কথা আগতেও কৈছিল । য‍াৰ বাবে এইখন গতানুগতিক বাজেট বুলি কৈছো । আগে-পিছে যি বাজেট চলি থাকে তাকেই দিছে । নতুন একো পোৱা নাই । বিধায়ক পুঁজি বঢ়াই দিছে । সেইটোও আগতেই ঘোষণা কৰা।”

ইফালে কংগ্ৰেছ বিধায়ক জুবেইৰ আনমে এই বাজেটত একো নতুনত্ব নাই বুলি উল্লেখ কৰি বাজেটখন তেওঁ ভালদৰে চোৱাই নাই বুলি কৈ জনায়, “সম্পূৰ্ণ নোচোৱাকৈ ভালদৰে ক’ব নোৱাৰিম । বিজেপিয়ে ৰাইজৰ পৰা ইমান ডাঙৰ এটা মেনডেট পোৱাৰ পিছত বাজেটখনত তাৰ প্ৰতিফলন থাকিব লাগিছিল । কিন্তু সেই প্ৰতিফলন দেখা নাপালোঁ । আশা বহুত আছিল ।”

আনহাতে বাজেটত জুবিন ক্ষেত্রক লৈ কোনো কথা উল্লেখ নথকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেঁও কয়, “যদি নাই এইটো এটা ডাঙৰ কথা । আমি এইটো হাউছত উত্থাপন কৰিম ।”

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.