• Home  
  • ONGC ৰ বাবে আতংকময় পৰিৱেশ নাজিৰাত; নিৰ্লিপ্ত ভূমিকাত কৰ্তৃপক্ষ
- Uncategorized - অসম

ONGC ৰ বাবে আতংকময় পৰিৱেশ নাজিৰাত; নিৰ্লিপ্ত ভূমিকাত কৰ্তৃপক্ষ

ONGC ৰ বাবে আতংকময় পৰিৱেশ শিৱসাগৰৰ নাজিৰাত । জানিব পৰা মতে, বিগত প্ৰায় এসপ্তাহ ধৰি নাজিৰাৰ গেলেকী তৈলক্ষেত্ৰত ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন অব্যাহত আছে । তাপৰ্যপূৰ্ণ বিষয় যে, এসপ্তাহৰো অধিক দিন ধৰি গেছ নিৰ্গমন হৈ থকাৰ পাচতো কিন্তু গা লৰা নাই ONGC কৰ্তৃপক্ষৰ । কৰ্তৃপক্ষৰ নিৰ্লিপ্ততাৰ বাবে বৰ্তমানেও গেছ নিৰ্গমনৰ প্ৰকৃত উৎস বিচাৰি উলিয়াবলৈ সক্ষম […]

ONGC ৰ বাবে আতংকময় পৰিৱেশ শিৱসাগৰৰ নাজিৰাত । জানিব পৰা মতে, বিগত প্ৰায় এসপ্তাহ ধৰি নাজিৰাৰ গেলেকী তৈলক্ষেত্ৰত ভূগৰ্ভৰ পৰা গেছ নিৰ্গমন অব্যাহত আছে । তাপৰ্যপূৰ্ণ বিষয় যে, এসপ্তাহৰো অধিক দিন ধৰি গেছ নিৰ্গমন হৈ থকাৰ পাচতো কিন্তু গা লৰা নাই ONGC কৰ্তৃপক্ষৰ । কৰ্তৃপক্ষৰ নিৰ্লিপ্ততাৰ বাবে বৰ্তমানেও গেছ নিৰ্গমনৰ প্ৰকৃত উৎস বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই ONGC ।

অহৰহভাৱে গেছ নিৰ্গত হৈ থকাৰ ফলত সমগ্ৰ অঞ্চলটোত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে । স্থানীয় ৰাইজে আক্ষেপ সহকাৰে সংবাদ মাধ্যমৰ আগত কয় যে পৰিস্থিতি বিষম হৈ পৰাৰ আশংকাত বিগত কেবাদিনো ধৰি তেওঁলোকে ঘৰৰ চৌকা জ্বলাব পৰা নাই । ইয়াৰ লগতে বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ বাসিন্দাসকলে এই পৰিস্থিতিয়ে স্থানীয় লোকসকলৰ জীৱন-জীৱিকা আৰু জীৱন সুৰক্ষাক সংকটপন্ন কৰি তুলিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

এই পৰিস্থিতিৰ দ্ৰুত সমাধান দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।ইয়াৰ লগতে স্থানীয় লোকসকলৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ONGC ক দাবী জনাইছে যুৱ-ছাত্ৰ পৰিষদে ।

দাবী পূৰণত ব্যৰ্থ হ’লে ONGC ৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰিছে সংগঠনটোৱে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.