৬ জুলাইৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ 16 সংখ্যক বাজেট অধিৱেশন । অহা ৩১ জুলাইলৈকে সৰ্বমুঠ ২১ দিন চলিবলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন । চতুৰ্থ দিনটোত সদনৰ কাম-কাজ আৰম্ভ হয় পুৱা ৯:৩০ বজাৰ পৰা । সদনৰ কাৰ্যসূচীত বিধায়কসকলে ৰেচন কাৰ্ড, ৰাজ্যত জাল নোট উদ্ধাৰ আৰু সৰবৰাহ আৰু সমষ্টিসমূহৰ শোচনীয় যাতায়ত ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ উত্থাপন কৰা হয় ।
মন্ত্ৰী পীষুয হাজৰিকাই সদনত জালনোট সন্দৰ্ভত বক্তব্য আগবঢ়াই কয়, “আৰক্ষীয়ে ভাল কোৱালিটিৰ ভুৱা নোট জব্দ কৰিলে NIA লৈ পঠিয়াই দিয়ে । কিন্তু বহু বছৰ ধৰি অসমত যিখিনি ভুৱা নোট উদ্ধাৰ হৈ আছে সেইখিনি ভাল কোৱালিটিৰ নহয় । এই নোটবোৰ প্ৰিণ্টাৰত বনায় । প্ৰিণ্টিং প্ৰেছত প্ৰিণ্ট কৰা হয় । চুলেই গম পোৱা যায় যে এইবোৰ ফেকৰো ফেক নোট ।” মন্ত্ৰী হাজৰিকাকে ধৰি শাসক-বিৰোধী বিধায়কসকলে জাল নোট আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত সদনৰ মজিয়াত আলোচনা কৰে ।
সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যত হোৱা ভয়ংকৰ মূল্যবৃদ্ধি, ছিণ্ডিকেটৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আৰু ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । গগৈয়ে ইয়াৰ বাবে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অভিযোগ তোলে । জয়ন্ত মল্লক গাদীচ্যুত কৰিব নোৱাৰিলে মূল্যবৃদ্ধি হ্ৰাস নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ।
ইয়াৰ লগতে কংগ্ৰেছ বিধায়ক বেবী বেগমে জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ আজি লিখিত উত্তৰ দাখিল কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই । সংগীত শিল্পী জুবিন গাৰ্গৰ অন্তেষ্টিক্ৰিয়া থলীৰ শীঘ্ৰেই উন্নয়ন আৰু ৰূপান্তৰ ঘটোৱা হব বুলি বড়াই লিখিত আশ্বাস প্ৰদান কৰে ।
উল্লেখ্য যে, অহা ১০ জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ।

