• Home  
  • বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস
- Uncategorized

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

জুলাই মাহৰ ১ তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকা কৈ হ্ৰাস কৰা হৈছে । এই হ্ৰাসৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু যি সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰি আহিছে তেঁওলোকক‌ লাভান্বিত হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ সমান্তৰালভাৱে ৫ কিলোগ্ৰাম ওজনৰ সৰু চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৩ টকাকৈ হ্ৰাস কৰা হৈছে […]

জুলাই মাহৰ ১ তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকা কৈ হ্ৰাস কৰা হৈছে । এই হ্ৰাসৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু যি সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰি আহিছে তেঁওলোকক‌ লাভান্বিত হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ সমান্তৰালভাৱে ৫ কিলোগ্ৰাম ওজনৰ সৰু চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৩ টকাকৈ হ্ৰাস কৰা হৈছে । বিগত সময়ছোৱাত অৰ্থাৎ যোৱা মাহৰ ১ মে’ তাৰিখে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯৯৩ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল। উল্লেখযোগ্য যে যোৱা জুন মাহত সৰ্বসাধাৰণ গ্ৰাহক সকলে ব্যৱহাৰ কৰা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ২৯ টকা কৈ বৃদ্ধি কৰা হৈছিল। তাৰ সমান্তৰালভাৱে ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত এইবাৰ নতুনকৈ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। তাৰ ফলত ঘৰুৱা চিলিণ্ডাৰৰ ব্যৱহাৰকাৰী সকল কিছু পৰিমাণে হতাশ হৈ পৰা দেখা পোৱা গৈছে ।

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ কাৰণ হৈছে: আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেল আৰু গেছৰ মূল্য হ্ৰাস পোৱা।
আন্তঃৰাষ্ট্ৰীয় যুদ্ধবিৰতি আৰু যোগান ব্যৱস্থা: শেহতীয়াকৈ আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ সময়সীমা ৬০ দিনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত মধ্যপ্ৰাচ্যৰ গুৰুত্বপূৰ্ণ সাগৰীয় পৰিবহণ পথসমূহ সুৰক্ষিত হৈছে আৰু বিশ্বজুৰি তেল-গেছৰ যোগান নিয়মীয়া হৈ পৰিছে ইয়াৰ ফলতেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বজাৰত হ্ৰাস পাইছে

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.