• Home  
  • নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ; ১৫ দিনৰ ভিতৰত ভুৱা ঔষধ নিৰ্মূলৰ লক্ষ্য
- অসম

নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ; ১৫ দিনৰ ভিতৰত ভুৱা ঔষধ নিৰ্মূলৰ লক্ষ্য

ৰাজ্যত ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্পষ্ট নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে । জনতা ভৱনত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এক বিস্তৃত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়ত কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে […]

ৰাজ্যত ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্পষ্ট নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে । জনতা ভৱনত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এক বিস্তৃত পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়ত কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতি এক গুৰুতৰ ভাবুকি । সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ওপৰত নিয়মীয়া আৰু তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষণ অধিক ফলপ্ৰসূ কৰিব লাগিব । ভুৱা অথবা নিম্নমানৰ ঔষধৰ ব্যৱসায়ত জড়িত ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰচলিত আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে ।

বৈঠকত মন্ত্ৰী অশোক সিংহলে ঔষধ নিয়ন্ত্ৰণ বিভাগক আগন্তুক ১৫ দিনৰ ভিতৰত ৰাজ্যত ভুৱা ঔষধ নিৰ্মূলৰ লক্ষ্যৰে এক বিস্তৃত কৰ্মপৰিকল্পনা প্ৰস্তুত কৰি দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ৰাজ্যবাসীক নিৰাপদ, গুণগত আৰু মানসম্পন্ন ঔষধ উপলব্ধ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ । এই ক্ষেত্ৰত ঔষধ নিয়ন্ত্ৰণ বিভাগে অধিক দায়িত্বশীল আৰু সক্ৰিয় ভূমিকা পালন কৰিব লাগিব বুলিও তেওঁ কয় ।

বৈঠকত স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচো, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক ডাঃ ইন্দ্ৰানেষী দাসকে ধৰি স্বাস্থ্য বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । মন্ত্ৰী অশোক সিংহলে সকলো বিভাগক অধিক সমন্বয়, জবাবদিহিতা আৰু দায়িত্বশীলতাৰে কাম কৰি ৰাজ্যবাসীক উন্নত, নিৰাপদ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ আহ্বান জনায়।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.