যোৰহাট: যোৰহাটৰ এখন বিলাসী হোটেলত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত নাৰী দেহ ব্যৱসায়ৰ সন্ধান লাভ কৰাৰ ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এই অভিযানত কেইবাজনো যুৱক-যুৱতীক আটক কৰাৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।
জানিব পৰা মতে, যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত অৰ্বিট হোটেলত বহুদিন ধৰি অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই হোটেলখনৰ কেইবাটাও কোঠাত তালাচী অভিযান চলায়। অভিযানকালত কেইবাজনো সন্দেহজনক লোকক আটক কৰাৰ লগতে তদন্তৰ বাবে বিভিন্ন সামগ্ৰী জব্দ কৰা হয়।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, হোটেলখনৰ পৰা যোৰহাটৰ উপৰি নগাঁও, কাজিৰঙা, শিৱসাগৰ আদি বিভিন্ন স্থানলৈ যুৱতী যোগান ধৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। লগতে এগৰাকী মহিলাৰ নেতৃত্বত এই চক্ৰটো পৰিচালিত হৈ আছিল বুলিও জানিব পৰা গৈছে ।
ইফালে, ঘটনাটোক লৈ যোৰহাটৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষীয়ে জনোৱা মতে, সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব।
উল্লেখ্য যে, ঘটনাটোৰ সন্দৰ্ভত বৰ্তমানো আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত অধিক তথ্য ৰাজহুৱা কৰা হ’ব।

