পশ্চিমবঙ্গৰ তৃণমুল কংগ্ৰেছ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা দুই কোটিৰো অধিক টকাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে অভিযান চলাই মাটিৰ তলৰ পৰা নগদ ২ কোটি ২৪ লাখ ৭ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰিছে। বাদুড়িয়াৰ বাটুলডাঙা অঞ্চলৰ ১২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা দীপংকৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে বহুদিন ধৰি আবাস যোজনা, চাকৰি আৰু ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈ আছিল। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পুতি ৰখা অৱস্থাত টকাৰে ভৰ্তি একাধিক বস্তা উদ্ধাৰ কৰে।
বুধবাৰে সন্ধিয়াৰ পৰা বেংকৰ কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত টকা গণনাৰ কাম আৰম্ভ হয়। গোটেই নিশা ধৰি চলা গণনাৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিয়ে যে উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ২ কোটি ২৪ লাখৰো অধিক। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, আবাস যোজনাৰ ঘৰ দিয়াৰ নামত বহু লোকৰ পৰা টকা সংগ্ৰহ কৰা হৈছিল। লগতে ভুৱা প্ৰতিশ্ৰুতি, বেংক জালিয়াতি আৰু অবৈধ সম্পত্তি গঢ়াৰ অভিযোগো উত্থাপিত হৈছে। আৰক্ষীয়ে বৰ্তমানে দীপাংকৰ ভট্টাচাৰ্যক জেৰা কৰি আছে। উদ্ধাৰ হোৱা ধনৰ উৎস আৰু আন কোনো স্থানত সম্পত্তি লুকুৱাই ৰখা হৈছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত আছে। উল্লেখ্য যে, পশ্চিমবঙ্গৰ বাদুড়িয়া পৌৰসভাৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দীপাংকৰ ভট্টাচাৰ্যই ।
