Your Mic Your Voice

সুৰংগ খহি মৃত্যু ৭ জনৰ; আঘাতপ্ৰাপ্ত ১৩ শ্ৰমিক

0

শুকুৰবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় উত্তৰাখণ্ডৰ চামোলীত । অঞ্চলটোৰ পিপালকোটিত নিৰ্মাণৰত তেহৰী হাইড্ৰ’ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ সুৰংগত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । জানিব পৰা মতে, সুৰংগটোৰ পৰা উদ্ধাৰ কৰা হৈছে ১৯ জনকৈ আৰু ইয়াৰ ভিতৰত ৭ জন লোকক মৃত ঘোষণা কৰা হয় । সুৰংগৰ ভিতৰত আবদ্ধ হৈ পৰাৰ পাচত হঠাতে পানী আৰু ধ্বংসাৱশেষ স্থানত প্ৰৱেশ কৰাৰ ফলত এই ঘটনাটো সংঘটিত হয় । ঘটনাৰ পাচত আৱদ্ধ শ্ৰমিককেইজনক গোপেশ্বৰৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় । বৰ্তমান সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে । চিকিৎসকে জনোৱা অনুসৰি দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ১৩ জন লোকৰ অৱস্থা তুলনামূলকভাৱে সুস্থিৰ হৈ আহিছে । এজন যুৱকৰ অৱস্থা গুৰুতৰ পৰিলক্ষিত হোৱাত তেওঁক শ্ৰীনগৰৰ বেছ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে বুলি চিকিৎসকে জনাইছে ।

কৰ্তৃপক্ষৰ ভাষ্য

unimex

X ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ডেৰাডুনৰ দুৰ্যোগ অভিযান কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে তেওঁ মায়াপুৰ (পিপালকোটি)ৰ নিৰ্মাণাধীন টি এইচ ডি চি সুৰংগত চলি থকা উদ্ধাৰ অভিযানৰ বুজ লয় আৰু বিষয়াসকলৰ সৈতে অগ্ৰগতিৰ পৰ্যালোচনা কৰে । উদ্ধাৰ অভিযান সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে চলোৱাৰ বাবেও তেওঁ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে । তাৰ পৰাই সমগ্ৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লৈ লৈ তেওঁ বিষয়াসকলক ক্ষীপ্ৰ গতিত অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । দুৰ্যোগ অভিযান কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ কৰা শ্ৰমিকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ স্বস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে তেওঁলোকৰ চিকিৎসা আৰু পুনৰ্বাসনৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে ।

Leave A Reply

Your email address will not be published.

Translate »