Your Mic Your Voice

এতিয়াৰে পৰা পাইলটৰ বাবে বাধ্যতামূলক নিচাজাতীয় সামগ্ৰীৰ পৰীক্ষা

0

ধাৰাবাহিকভাৱে কেবাটাও বিমান দুৰ্ঘটনা অথবা বিসংগতি দেখা দিয়াৰ পাচত পাইলটৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই ৷ এতিয়াৰে পৰা এয়াৰ ইণ্ডিয়াৰ প্ৰতিগৰাকী পাইলটৰ বাবে নিচাজাতীয় সামগ্ৰীৰ পৰীক্ষা বাধ্যতামূলক হ’ব বুলি বিমান সংস্থাটোৱে জানিবলৈ দিছে ৷ বিমান উৰুওৱাৰ দায়িত্বত থকা প্ৰতিজন এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটৰে শৰীৰত নিচাজাতীয় সামগ্ৰীৰ অৱস্থিতি পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছে সংস্থাটোৱে । উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ভয়ংকৰ এটা ঘটনা সংঘটিত হোৱাৰ পাচতে বিমান পৰিবাহী সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

unimex

বিগত চাৰি আগষ্টত সংস্থাটোৰ ফুকেট-দিল্লী অভিমুখে উৰা মৰা এখন বিমান আকস্মিকভাৱে আকাশমাৰ্গৰ পৰা ৩০০ ফুট তললৈ নামি আহিছিল যিয়ে আতংকিত পৰিৱেশৰ সৃষ্টি কৰিছিল বন্দৰৰ ভিতৰচোৱাত ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰক্ষীয়ে কৰা অনুসন্ধানৰ ভিত্তিত বিমানখনত থকা পাইলটে নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ কথা পোহৰলৈ আহে ৷ অনাকাংক্ষিত ঘটনাটোৰ পিছতে পাইলট দুজনক শাৰিৰীক অৱস্থাৰ পৰীক্ষা কৰা হৈছিল ৷ এই পৰীক্ষাত পাইলটে গাঞ্জা সেৱন কৰাটো ধৰা পৰে ৷ এই ঘটনাত বহু যাত্ৰী আহত হৈছিল ৷ বিমানখনত ৮ জন ক্ৰুকে ধৰি ১৪৫ জন লোক আছিল ।

টাটা গ্ৰুপৰ মালিকানাধীন এই বিমান সংস্থা দুটাই প্ৰচলিত নিয়মৰ অধীনত অনুমোদিত নোহোৱা যিকোনো পদাৰ্থ বা ঔষধৰ সম্পূৰ্ণ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ বিমান সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, এই পৰীক্ষা বৃহস্পতিবাৰ অৰ্থাৎ ১৩ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু এয়া বাধ্যতামূলক বুলি সংস্থা দুটাই স্পষ্ট কৰি দিছে ৷ এই পৰীক্ষা নিৰ্দিষ্ট স্থান যেনে – গুৰুগ্ৰাম একাডেমী(প্ৰশিক্ষণৰ সমান্তৰালভাৱে), বিমানৰ পিছৰ ব্রিফিং চেণ্টাৰ, বিমান সংস্থাৰ কাৰ্যালয় বা নিজ নিজ ঘাটিত কৰা হ’ব ।

Leave A Reply

Your email address will not be published.

Translate »