ভাবুকিৰ বাবে RAF Fairford ৰ পৰা ১২ খন B-1 বোমাৰু বিমান আঁতৰালে আমেৰিকাই, ইৰাণৰ ড্ৰ’ন আক্ৰমণৰ ষড়যন্ত্ৰৰ আশংকা: ট্ৰাম্প
ব্ৰিটেইনৰ গ্ল’চেষ্টাৰশ্বায়াৰত থকা RAF Fairford বিমানঘাটিৰ পৰা আমেৰিকাই হঠাতে ১২ খন B-1 Lancer বোমাৰু বিমান আঁতৰাই নিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে নিশ্চিত কৰে যে নিৰ্দিষ্ট ভাবুকিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
ট্ৰাম্পে কয়, “বিমানবোৰ দুৰ্ঘটনাবশত উৰি যোৱা নাছিল। কিছু ভাবুকি আছিল।”

আমেৰিকা আৰু ইউৰোপৰ বিষয়াসকলৰ মতে, ইৰাণৰ Islamic Revolutionary Guard Corps (IRGC)-য়ে ব্ৰিটিছ নাগৰিকক ব্যৱহাৰ কৰি ঘাটিখনত ড্ৰ’নেৰে জটিল আক্ৰমণ চলাই আমেৰিকান পাইলটক হত্যা আৰু বিমান ধ্বংসৰ পৰিকল্পনা কৰিছিল। এই ষড়যন্ত্ৰ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত চলোৱা Operation Spiderweb ৰ দৰে আছিল বুলি সন্দেহ।
উপ-ৰাষ্ট্ৰপতি জেডি ভান্সে কয় যে সৈনিকসকলৰ সুৰক্ষাৰ বাবেই সাৱধানতামূলকভাৱে বিমানসমূহ আঁতৰোৱা হৈছে। যোৱা সপ্তাহত ঘাটিৰ ওচৰত সন্ত্ৰাসবাদী কাৰ্যৰ প্ৰস্তুতিৰ সন্দেহত ৫ জন ব্ৰিটিছ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।