Your Mic Your Voice

অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা; ৰাজ্যিক বিজেপিয়ে জনালে আদৰণি

0

অসমৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ বাবে মঙলবাৰে অসমত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই । ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে আদৰণি জনায় ।‌এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে অসমৰ লগতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশলৈকো যাব । ৪ আগষ্টৰ পৰা ৬ আগষ্টলৈকে মন্ত্ৰীগৰাকী উত্তৰ-পূৱতেই থাকিব । মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে বান, কৃত্ৰিম বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰা, লগতে পুনৰ্বাসনৰ প্ৰচেষ্টা আৰু আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ পৰ্যালোচনা কৰা ।

unimex

কাইলৈ অৰ্থাৎ ৫ আগষ্টৰ দিনা নাড্ডাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গাঁৱে-ভূঞে সাহায্য শিবিৰ পৰিদৰ্শন, শস্য আৰু বাসগৃহৰ ক্ষতিৰ জৰীপ আৰু স্থানচ্যুত পৰিয়ালৰ সৈতে সাক্ষাৎ কৰিব । সেইদিনা পৰৱৰ্তী সময়ত তেওঁ নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰাৰ কথা আছে, য’ত তেওঁ ডিফেন্স কলনী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বানপানীৰ ক্ষতিৰ পৰ্যালোচনা কৰিব । অসমলৈ উভতি আহি ৰাজ্যৰ বিষয়াসকলৰ সৈতে সাহায্য আৰু স্বাস্থ্য সম্বন্ধীয় পদক্ষেপ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব ।

অৰুণাচল প্ৰদেশত ভ্ৰমণ কৰা সময়ছোৱাত নাড্ডাই ক্ষতিগ্ৰস্ত পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি পৰিদৰ্শন কৰা, সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰা আৰু ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব ।

Leave A Reply

Your email address will not be published.

Translate »