ট্ৰাম্পে কয়, ন’বেল শান্তি বঁটা তেওঁক প্ৰদান নকৰাৰ বাবে নৰৱেৰ গাত ‘মচিব নোৱৰা দাগ’ লাগিল
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ ন’বেল শান্তি বঁটা নোপোৱাক লৈ নৰৱেক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁ কয় যে তেওঁক ন’বেল বঁটা প্ৰদান নকৰাটো নৰৱেৰ বাবে এক ‘মচিব নোৱৰা দাগ’ (Indelible Stain) আৰু ই এক লজ্জাজনক সিদ্ধান্ত।
শুকুৰবাৰে নিউয়ৰ্কৰ ছাইৰাকিউজত অনুষ্ঠিত এক নিৰ্বাচনী ৰেলীত ট্ৰাম্পে এই মন্তব্য কৰে। তাৰ কেইঘণ্টামান আগতেহে ২০২৬ বৰ্ষৰ ন’বেল শান্তি বঁটা দক্ষিণ আফ্ৰিকাৰ বিখ্যাত ন্যায়াধীশ তথা মানৱ অধিকাৰ কৰ্মী নাভি পিল্লেক প্ৰদান কৰা হৈছিল।

ট্ৰাম্পে বিজয়ী নাভি পিল্লেক ‘ৰহস্যময় ব্যক্তি’ (Mystery Person) বুলি অভিহিত কৰি কয়, “মই এই ব্যক্তিৰ বিষয়ে কেতিয়াও শুনা নাই। কোনেও শুনা নাই।” তেওঁ লগতে কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰ, মোৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰপতি হিচাপে, ন’বেল শান্তি বঁটা পাব লাগিছিল, কিন্তু পোৱা নগ’ল।”
তেওঁ নৰৱেজিয়ান ন’বেল কমিটিক ‘গণতন্ত্ৰ বিৰোধী আৰু সভ্যতাৰ শত্ৰু’ বুলিও সমালোচনা কৰে আৰু কয়, “ন’বেল শান্তি বঁটা এতিয়া কেইজনমান উগ্ৰ মতাদৰ্শী লোকে চিৰদিনৰ বাবে বদনাম কৰিলে। আমি নৰৱেক কেতিয়াও পাহৰি নাযাওঁ।”
উল্লেখ্য যে, ট্ৰাম্পে দাবী কৰিছে যে তেওঁ ৮ খন যুদ্ধ বন্ধ কৰিছে আৰু উত্তৰ-দক্ষিণ কোৰিয়া, জাপান-উত্তৰ কোৰিয়া, চীন-টাইৱানৰ মাজত যুদ্ধ ৰোধ কৰিছে। আনহাতে ন’বেল বিজয়ী নাভি পিল্লেই ঠাট্টা কৰি কৈছিল, “যদি আপোনালোকে আৰু অলপ হাত চাপৰি বজায়, মই এই বঁটা ট্ৰাম্পৰ সৈতে ভগাই লব পাৰো।”